/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/25449bc4-20cc-4963-b203-2c535b4e369b/AP_FOR_WEB_cm.jpg)
ডিজিটেল সংবাদ, তিতাবৰঃ সমাগত লোকসভা নিৰ্বাচনৰ পৰিপেক্ষিতত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত চলিছে ব্যাপক নির্বাচনী প্ৰচাৰ। তাৰ সমান্তৰালভাৱে শনিবাৰে যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সাংসদ তপন কুমাৰ গগৈ হৈ তিতাবৰ বোকাহোলা চাহ বাগিচা খেল পথাৰত সহস্ৰাধিক জনতাৰ মাজত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই।
মুখ্যমন্ত্ৰী গৰাকীৰ নির্বাচনী প্ৰচাৰৰ সময়ত সংগ দিয়ে বিত্তমন্ত্ৰী অজন্ত নেওগ,সাংসদ পল্লব লোচন দাস,ৰাণা গোস্বামী প্ৰমুখ্যে কৰি বিজেপি দলৰ বহু সংখ্যক দলীয় কৰ্মীয়ে।যোৰহাট লোক সভা সমষ্টিৰ পৰা ৩লাখ ভোটৰ ব্যৱধানত তপন কুমাৰ গগৈ জিকাটো নিশ্চিত বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us