বিশিষ্ট বিজ্ঞানী ড০ প্ৰণৱজ্যোতি চেতিয়া আৰু নাই...

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক তথা বিশিষ্ট বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
বিশিষ্ট বিজ্ঞানী ড০ প্ৰণৱজ্যোতি চেতিয়া আৰু নাই...

ডিজিটেল ডেস্কঃ যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক তথা বিশিষ্ট বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যু।  বৃহস্পতিবাৰে নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰে ব্যক্তিগৰাকী।

Advertisment

কালি গা বেয়া লগাত নিজে চিকিৎসালয়লৈ আহি ৰক্তচাপ পৰীক্ষা কৰাৰ সময়তে চিকিৎসালয়কে মৃত্যু হয় চেতিয়াৰ। সমাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল তেওঁ। যাৰ বাবে জনপ্ৰিয়ও আছিল প্ৰণৱজ্যোতি চেতিয়া।

'বিজ্ঞাজ্যোতি' নামৰ এটা পেজৰ জৰিয়তে বিজ্ঞানক জমপ্ৰিয় কৰি তোলাৰ চেষ্টা কৰিছিল চেতিয়াই।

বিজ্ঞানীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে এতিয়া শোকস্তব্ধ কৰিছে যোৰহাটবাসীক। লগতে তেওঁৰ অনুৰাগীসকলেও দুখ প্ৰকাশ কৰিছে।

Also Read: এখন কেকটাছৰ বাগিচা, দেখিলে মন মুহিব আপোনাৰ...

pranab jyoti chetia