এখন কেকটাছৰ বাগিচা, দেখিলে মন মুহিব আপোনাৰ...

এখন কেকটাছৰ বাগিচা, দেখিলে মন মুহিব আপোনাৰ...

ডিজিটেল সংবাদ, কাজিৰঙাঃ এখন কেকটাছৰ বাগিচা ৷বাগিচাখনত শাৰী শাৰীকৈ থকা সৰু বৰ কেকটাছৰ মনোৰম সৌন্দৰ্যই দৃষ্টি কাঢ়িব সকলোৰে ৷দুস্প্ৰাপ্য অৰ্কিডৰ সংৰক্ষণেৰে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত গঢ় দিয়া হৈছে কেকটাছৰ বাগিচাখন৷

পূৰ্বে এশটা ভিন্ন প্ৰজাতিক কেকটাছ থকা বাগিচাখনত নতুনকৈ ৰোপন কৰা হৈছে পঞ্চাশটা প্ৰজাতিৰ নতুন অৰ্কিড৷ ইয়াৰে ভিতৰত আছে এথিন’ কেকটাছ প্ৰজাতিৰ দুজোপা বিশেষ প্ৰজাতিৰ কেকটাছ ৷ প্ৰধান উৎপাদন থলি মেক্সিকোৰ কেকটাছ বিধ অনা হৈছে দাৰ্জিলিঙৰ পৰা ৷

ইয়াৰ প্ৰতিজোপাৰ মূল্য ষাঠি হাজাৰ টকা৷ বিশ্বৰ ১৭৫০ টা প্ৰজাতিৰ কেকটাছৰ ভিতৰত বৰ্তমান কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত উপলব্ধ ১৫০ টা প্ৰজাতি ৷ সাধাৰণতে মৰুভূমি অঞ্চলত গজা অৰ্কিড সমূহ সংৰক্ষণৰ বাবে অৰ্কিড উদ্যানে ল’ব লগিয়া হৈছে বিশেষ ব্যৱস্থা ৷ উল্লেখযোগ্য যে কেকটাছৰ আছে বহু ৰোগ প্ৰতিৰোধী ক্ষমতা ৷

এখন কেকটাছৰ বাগিচা, দেখিলে মন মুহিব আপোনাৰ...
দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছতেই অঘটনঃ এজনৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in