/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/orrr.jpg)
ডিজিটেল সংবাদ, ওৰাং:– যোৱা ১৭ আগষ্টত মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নিজৰা অঞ্চলৰ কমলাবাৰী গাঁৱত বন্য হস্তীৰ আক্ৰমণত নিহত হৈছিল একেটা পৰিয়ালৰ ৩ জনকৈ লোক। নিশা শুই থকা অৱস্থাত বন্যহস্তীয়ে আক্ৰমণ কৰিছিল পৰিয়ালটোক। হাতীৰ আক্ৰমণত থিতাতে নিহত হৈছিল একেটা পৰিয়ালৰ তিনিজনকৈ লোক।
অতি কৰুণ ঘটনাটোত বন্যহস্তীৰ আক্ৰমণৰ পৰা কেৱল কথমপি প্ৰাণ ৰক্ষা পৰিছিল পৰিয়ালটোৰ একমাত্ৰ কন্যা নিজৰা বড়ো নামৰ এগৰাকী ৭ বছৰীয়া শিশু। পিতৃ-মাতৃ আৰু ভাতৃ বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাৰ পিছত নিশা লাও চাঙৰ তলত পলাই কোনো মতে প্ৰাণ ৰক্ষা পৰিছিল কণমানি নিজৰা বড়োৰ।
এই কৰুণ ঘটনাটোৰ দুখ প্ৰকাশ কৰি অকলশৰীয়া ৭ বছৰীয়া শিশু নিজৰা বড়োৰ দায়িত্ব গ্ৰহণ কৰিবলৈ এবছুৰ মাজবাট আঞ্চলিক সমিতিয়ে আহ্বান জনাইছিল। পৰিয়ালটোৰ তিনি গৰাকী লোক নিহত হোৱাৰ পিছত অকলশৰীয়া শিশু নিজৰা বড়োৰ চোৱাচিতাৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনাইছিল এবছুৱে।
ইয়াৰ পিছতে শনিবাৰে নিজৰা বড়োৰ কাষত উপস্থিত হয় গৈ বি টি চি প্ৰধান প্ৰমোদ বড়ো। নিজৰা বড়োৰ ঘৰত উপস্থিত হৈ বন্যহস্তীৰ আক্ৰমণত হোৱা তিনি গৰাকী লোকক অতি শ্ৰীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে প্ৰমোদ বড়োৱে। মাজবাটৰ অসম-অৰুণাচল সীমান্তবৰ্তী অঞ্চলত সঘনাই সংঘটিত হোৱা হাতী মানুহৰ সংঘাট ৰোধ কৰাৰ বাবে বিজ্ঞান সন্মত ভাৱে ছুলাৰ ফ্ৰেনচিং দিয়াৰ কথা প্ৰকাশ কৰে প্ৰমোদ বড়োৱে।
লগতে হাতী অহা যোৱা কৰা পথত অৰ্থাৎ ইলুফেন কৰিদৌৰ সমূহত ঘৰ নাসাজিবলৈ পৰামৰ্শ প্ৰদান কৰে সীমান্তবৰ্তী অঞ্চলৰ লোকসকলক। হাতী অহা যোৱা কৰা পথত ঘৰ সাজিলে চৰকাৰে উচ্ছেদ চলাব বুলিও মন্তব্য প্ৰকাশ কৰাৰ উপৰিও সংৰক্ষিত বনাঞ্চলত বেদখল নকৰিবলৈ অনুৰোধ জনাই প্ৰমোদ বড়োৱে।
ইয়াত পিছতে বহু কেইখন বিদ্যালয়ত উপস্থিত হয় প্ৰমোদ বড়ো। বিদ্যালয়ত উপস্থিত হৈ শিক্ষা ব্যৱস্থাৰ বুজ লয় বিটিচি প্ৰধান গৰাকীয়ে। ইয়াৰ পিছতে মাজবাট উন্নয়ন খণ্ডত উপস্থিত হয় গৈ মাজবাট উন্নয়ন খণ্ডত উন্নয়ন মূলক আঁচনি সমূহৰ কামৰ অগ্ৰগতিৰ বুজ লয় নেতা গৰাকীয়ে। বি টি চি প্ৰধান গৰাকীৰ এই যাত্ৰা কালত সংগ দিয়ে বি টি চি কাৰ্যবাহী সদস্য ড° নিলুট স্বৰ্গীয়াৰী, বি টি চিৰ আন এগৰাকী কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, হাৰিচিঙাৰ পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰী, পাচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰ আৰু ইউ পি পি এল দলৰ দলীয় নেতা কৰ্মীয়ে।
আৰু পঢ়ক: জাতীয় সংগীত : ১০০ বছৰ পিছত স্বীকৃতি, তাতো হ'ল নেকি ইতিহাস বিকৃতি !