তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ অভিনন্দন অনুষ্ঠানত প্ৰমোদ বড়ো

অনুষ্ঠানত তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ তৰফৰ পৰা আাৰনাই, মানপত্ৰ,কলম আৰু গ্ৰন্থৰে কৃতিমানসকলক উষ্ম অভিনন্দন জনায়

author-image
Asomiya Pratidin
New Update
তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ অভিনন্দন অনুষ্ঠানত প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৩২১ গৰাকী কৃতিমানক অভিনন্দন জনোৱা হয় ।

Advertisment

এই উপলক্ষে দিনৰ প্ৰায় ১১ বজাত তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি খনীন্দ্ৰ নাৰ্জীৰ সভাপতিত্বত অনুষ্ঠিত হয় অভিনন্দন অনুষ্ঠান ৷ জিলা বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক বৰমোহন স্বৰ্গীয়াৰীয়ে আঁত ধৰা সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে ৷

দৈমাৰীয়ে উদ্বোধনী ভাষণত ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক দিশৰ সমান্তৰালভাৱে সাহিত্য - সংস্কৃতিৰ দিশতো আগবাঢ়িব লাগিব বুলি কয় ৷ ছাত্ৰ-ছাত্ৰীসকলে আজি যি ফলাফল দেখুৱাবলৈ সক্ষম হৈছে সেই ধাৰা যাতে ভৱিষ্যতলৈও অব্যাহত ৰাখি উচ্চ শিক্ষাৰে শিক্ষিতহৈ সমাজত এগৰাকী ভাল মানুহ হিচাপে নিজক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় তাৰ প্ৰতিয়ো আহ্বান জনাই বিধায়কগৰাকীয়ে ৷

মুখ্য অতিথিৰ আসন অলংকৃত কৰে বিটিআৰৰ মুখ্যকাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ তেওঁ ভাষণত কয় যে 'বৰ্তমান যুগটো প্ৰতিযোগিতাৰ যুগ ৷ সেয়ে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ হ'লে অধ্যয়নমুখী যাত্ৰাৰে বিদ্যায়তনিক দিশত সদা সচেতন হৈ আগবাঢ়িব লাগিব ৷ সাহিত্য সংস্কৃতি শিক্ষা আদি সকলো দিশতে পাৰদৰ্শিতাৰে প্ৰতিযোগিতাৰ মনোভাৱেৰে খোজ দিব লাগিব' বুলিও কয় ৷

বড়ো সাহিত্য সভাৰ প্ৰধান সম্পাদক নীলকান্ত গয়াৰী, উন্নয়ন খণ্ড বিষয়া বীৰবল ব্ৰহ্ম , তামুলপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়া অঞ্জয়খুংগুৰ ব্ৰহ্মই আজিৰ অভিনন্দন অনুষ্ঠানত উপস্থিত থকা কৃতিমান ছাত্ৰ-ছাত্ৰী,অভিভাৱক, সাহিত্য সেৱীসকলক উদ্দেশ্যি শিক্ষাৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে বিটিআৰৰ শৈক্ষিক পৰিবেশৰ উন্নয়ন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সন্দৰ্ভত সাৰগৰ্ভ ভাষণ ৰাখে ৷

অনুষ্ঠানত তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ তৰফৰ পৰা আাৰনাই, মানপত্ৰ,কলম আৰু গ্ৰন্থৰে কৃতিমানসকলক উষ্ম অভিনন্দন জনায়। তদুপৰি অনুষ্ঠানত তামুলপুৰ জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি বানেশ্বৰ নাৰ্জাৰী সম্পাদক অজিত বড়ো ,ঝাৰগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক অতুল নাৰ্জাৰী,ডেফেলী আদৰ্শ হাইস্কুলৰ প্ৰধান শিক্ষক জয়চন্দ্ৰ বড়ো, চিখনা বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক চন্দ্ৰধৰ বড়ো প্ৰমুখ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ অভিভাৱক,জিলা বড়ো সাহিত্য সভাৰ লগতে প্ৰাথমিক সমিতিসমূহৰ কৰ্মকৰ্তা আৰু কৃতিমান ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

Also Read: সপোন সপোনে হৈ ৰ'ল : ৰানাৰ্ছ-আপতে সন্তুষ্ট ভাৰত

tamulpur pramod boro