/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/fd13ce41-2128-4109-8b55-00bb5d227437/kljkj.jpg)
ডিজিটেল সংবাদ, হাজোঃ বিতৰ্কৰ মাজৰে বিজেপিত যোগ দিয়া আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাসক আদৰণি হাজো বিজেপি নেতৃত্বৰ। বৃহস্পতিবাৰে ন বিজেপি নেতা গৰাকী দলে বলে উপস্থিত হয় হাজো বিজেপিৰ মুখ্য কাৰ্যালয়ত।।
হাজো মণ্ডলৰ সভাপতি ভূপেন কলিতাৰ উপস্থিতত নেতা গৰাকীক দললৈ আদৰণি জনাই বিজেপিৰ সকলো শীৰ্ষ কনিষ্ঠ নেতা কৰ্মীয়ে। এই অনুষ্ঠানত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা জিলা পৰিষদৰ অধ্যক্ষ ৰীতা তালুকদাৰ, বিপুল দাসক ধৰি বহু শীৰ্ষ নেতা উপস্থিত থাকে।
ফুলাম গামোচা,জাপি ,শৰাইৰে নেতা গৰাকীক উষ্ম আদৰণি জনোৱা হয়। অনাগত দিনত ৰাজ্যিক বিজেপি নেতৃত্বই প্ৰতিটো দায়িত্ব পালন কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে প্ৰকাশ দাসে।
উল্লেখযোগ্য বিজেপিৰ কার্যলয়ত উপস্থিত হোৱাৰ পূৰ্বে প্ৰকাশ দাসে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰে। দাসে বিজেপি যোগদানৰ ফলত অনাগত দিনত বিজেপি দলটো অধিক লাভান্বিত হ'ব বুলি ধাৰণা কৰিব পাৰি।
Also Read: অসম চৰকাৰে মাধ্যম সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আছুৰ প্ৰতিবাদ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us