অসম চৰকাৰে মাধ্যম সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আছুৰ প্ৰতিবাদ

অসম চৰকাৰে মাধ্যম সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আছুৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
অসম চৰকাৰে মাধ্যম সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গোলাঘাট:সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে গোলাঘাটতো অসম চৰকাৰে মাধ্যম সন্দৰ্ভত কেবিনেটত লোৱা সিদ্ধান্ত বাতিল কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই উদ্দেশ্যে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰাএক প্ৰতিবাদী সমদলে চহৰ খনৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়,ৰণোজ পেগু মুৰ্দাবাদ,অসমীয়া মাধ্যমক লৈ হেতালি খেলা নহ'ব. গণিত-বিজ্ঞানৰ পাঠ্যপুথিত মাতৃভাষা ব্যৱহাৰ কৰক আদি শ্ল'গানেৰে পৰিবেশ উত্তপ্ত কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপ বৰঠাকুৰ,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মিন্টু গগৈ, উপদেষ্টা প্ৰিন্স দলে,শান্তনু দত্ত, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি চানক্য বৰা, সম্পাদক দীপক গগৈ, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হৃদয়ৰঞ্জন খাটনিয়াৰ , সম্পাদক হিমাংশু শইকীয়াকে ধৰি শতাধিক আছুকৰ্মী উপস্থিত থাকে ।

Also Read: ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ড° ছৈয়দ আব্দুৰ ৰেজ্জাক বিদায় সম্বৰ্ধনা

protest aasu