ডিমাচা ছাত্ৰ সন্থাৰ বলিষ্ঠ নেতা প্ৰফুল্ল হাফিলাৰ মৃত্যু...

যোৱা কিছুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত ডিমাচা ছাত্ৰ নেতা গৰাকীৰ লংকাস্থিত বাসভৱনত শয্যাশায়ী হৈ আছিল আৰু তেনে অৱস্থাতে আজি পুৱা ১০.১০ বজাত তেওঁৰ মৃত্যু হয়।
ডিমাচা ছাত্ৰ সন্থাৰ বলিষ্ঠ নেতা প্ৰফুল্ল হাফিলাৰ মৃত্যু...

ডিজিটেল ডেস্ক: ডিমাচা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা প্ৰফুল্ল হাফিলাৰ মৃত্যু হৈছে। যোৱা কিছুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত ডিমাচা ছাত্ৰ নেতা গৰাকীৰ লংকাস্থিত বাসভৱনত শয্যাশায়ী হৈ আছিল আৰু তেনে অৱস্থাতে আজি পুৱা ১০.১০ বজাত তেওঁৰ মৃত্যু হয়।

এটি কনমানি কন্যা সন্তানৰ পিতৃ প্ৰয়াত হাফিলা কেৱল ডিমাচা ছাত্ৰ আন্দোলনৰেই নেতা নাছিল, অসমৰ জাতীয় জনগোষ্ঠীয় আন্দোলনৰ ঐক্য মঞ্চৰো তেওঁ আছিল এগৰাকী অগ্ৰণী নেতা।

বিগত প্ৰায় ৩ দশত প্ৰতিবাদী সংগ্ৰামৰ সৈতে জড়িত হৈ থকা অতি সৰল প্ৰকৃতিৰ ছাত্ৰ নেতাগৰাকী ৰাজনীতিৰ পৰা আঁতৰত আছিল। যাৰ বাবে ৰোগগ্ৰস্ত অৱস্থাত উন্নত চিকিৎসাৰ বাবে চৰকাৰ অথবা ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ পৰা পৰ্যাপ্ত সহায় সহযোগ নাপালে বুলিও তেওঁৰ গুণমুগ্ধ সকলে অভিযোগ কৰিছে।

নিচেই কম বয়সতে এনে এগৰাকী সৎ সংগ্ৰামী নেতাৰ এই মৃত্যুৰ ঘটনাই অসমৰ জাতীয় জনগোষ্ঠীয় তথা মানৱ অধিকাৰ আন্দোলনৰ সৈতে জড়িত সকলোকে মৰ্মাহত কৰিছে। বিয়লি তেওঁৰ মৃতদেহ সৎকাৰ কৰা হয়।

ইফালে হাফিলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আদি সংগঠন আদিয়ে। তদুপৰি অসম জাতীয় পৰিষদৰ সভাপতি, সাধাৰণ সম্পাদক ক্ৰমে লুৰিণ জ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয় যে প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ অসমৰ জাতীয় জীৱনলৈ যথেষ্ঠ অৱদান আছিল। জীৱন কালত ডিমাচা জনগোষ্ঠীয় সমাজৰ লগতে বৃহত্তৰ অসমীয়া সমাজৰ সম্প্ৰীতিৰ সাধক হিচাপে কাম কৰা প্ৰফুল্ল হাফিলাই জাতি জনগোষ্ঠীয় অধিকাৰ আন্দোলনৰ ক্ষেত্ৰতো বলিষ্ঠ ভাৱে অংশগ্ৰহণ কৰিছিল।

ইফালে ডিমা হাচাওৰ বলিষ্ঠ নেতা প্ৰাক্তন বিধায়ক সমৰজিত হাফলঙবাৰেও প্ৰফুল্ল হাফিলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

আৰু পঢ়ক: RRR ৰ ছবিৰ 'নাটু নাটু' গীতলৈ গোল্ডেন গ্লোৱ ২০২৩ বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in