বাক্সাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত পলিচি প্ৰদান

সভাত ৫১৮ পৰাকী বীমাধাৰীৰ ভিতৰত আজি ১৫০ গৰাকীক পলিচি প্ৰদান কৰা হয়

author-image
Asomiya Pratidin
New Update
বাক্সাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত পলিচি প্ৰদান

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সাত ফচল বীমা যোজনাৰ পলিচি বিতৰণ। বৃহস্পতিবাৰে বাক্সা জিলাৰ জিলা কেন্দ্ৰৰ সভাকক্ষত জিলা কৃষি বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত পলিচি প্ৰদান কৰাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

Advertisment

সভাত ৫১৮ পৰাকী বীমাধাৰীৰ ভিতৰত আজি ১৫০ গৰাকীক পলিচি প্ৰদান কৰা হয়।অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই পলিচি প্ৰদান কৰি কয় যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু খেতি নষ্ট হয় তাৰ বাবে ভাৰত চৰকাৰে ফচল বীমা যোজনা আৰম্ভ কৰিছে যাতে কৃষক সকল উপকৃত হয় ৷ চৰকাৰে যিবোৰ কৃষি সম্বন্ধীয় আঁচনি ৰূপায়ন কৰিছে সেইসমূহ আঁচনি কৃষকসকলে গ্ৰহণ কৰিব লাগে ৷

মহকুমা কৃষি বিষয়া সতীশ তালুকদাৰে আঁত ধৰা আজিৰ সভাত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এমচিএলএ মন্টু বড়ো, অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ, জিলা নিৰ্বাচন বিষয়া মানবেন্দ্ৰ ভৰালী, কৃষি বিষয়া দুলাল দাসকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Also Read: বিশ্বৰ শীৰ্ষত নহয়, শেষত থাকক গুৱাহাটী...

pradhan mantri fasal bima yojana urkaho gwra brahma