/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/nagaonj.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলাত বিদ্যুৎ বিভাগে স্থানীয় ঠিকাদাৰক ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ আগন্তক দিনত যাতে স্থানীয় ঠিকাদাৰে কাম কৰিব নোৱাৰে তাৰ বাবে ব্লু পিন্ট প্ৰস্তুত কৰা হৈছে ৷
শেহতীয়াকৈ নগাঁও জিলাত বিদ্যুৎ বিভাগক আধুনিকীকৰণ কৰিবৰ বাবে ১১৩ কোটি ৮৩ লাখ ৭০ হাজাৰ ৫৪৫ টকাৰ নিবিদা আহ্বান কৰা হৈছে ৷ জিলা খনৰ এল টি লাইন উন্নিতকৰন কৰিবৰ বাবে উক্ত ধন ব্যয় কৰিব বিছাৰিছে ৷ এই ধনেৰে জিলাখনৰ সকলো মুকলি হৈ থকা এলুমিনিয়ামৰ বিদ্যুৎ পৰিবাহি তাঁৰ আতৰাই প্লাষ্টিক প্ৰলেপ লগোৱা বিদ্যুৎ পৰিবাহী তাঁৰ লগাবলৈ চৰকাৰে এই ধন ব্যয় কৰিব ৷
বিভাগটোৰ এ পি ডি চি এল (পি পা এণ্ড ডি) মুখ্য পৰিচালন সঞ্চালক প্ৰদীপ গোস্বামীয়ে এই বৃহৎ পৰিমানৰ ধনৰ ক্ষেত্ৰত নিবিদা আহ্বান কৰিছে ৷ অন লাইন যোগে ৯ মে'ত বিভাগটোয়ে নিবিদা ৰাজহুৱা কৰিছে ৷ ২৩ মে'ৰ পৰা নিবিদা দাখিল কৰিব পাৰিব ঠিকাদাৰে ৷ নিবিদা দাখিলৰ অন্তিম দিন ৮ জুন আৰু নিবিদা মুকলি কৰিব ১০ জুনত ৷
বিষয়া প্ৰদীপ গোস্বামীয়ে অন লাইন যোগে আহ্বান কৰা এই নিবিদাত বিদ্যুত বিভাগত কাম কৰা পূৰ্বৰ কোনো স্থানীয় ঠিকাদাৰে নিবিদা দাখিল কৰিব নোৱাৰিব ৷ কাৰন নিবিদা নীতি অনুসৰি ঠিকাদাৰে পূৰ্বে এটা পেকেজত ৮০ কোটি টকা কাম কৰা অভিজ্ঞতাৰ প্ৰমান পত্ৰ দাখিল কৰিব লাগিব ৷ তাৎপৰ্যৰ বিষয় এই যে বিগত সময়চোৱাত ৰাজ্যখনত বিদ্যুত বিভাগত এটা গ্ৰুপত ৮০ কোটি টকাৰ কামেই হোৱা নাই ৷ গতিকে ৰাজ্যৰ কোনো ঠিকাদাৰে ৮০ কোটি টকাৰ কাম কৰাৰ অভিজ্ঞতাৰ প্ৰমান পত্ৰ লৈ ১১৩.৮৩ কোটি টকাৰ কামৰ নিবিদাত অংশ গ্ৰহণ কৰিব নোৱাৰে ৷
ৰাজ্য খনৰ নগাঁও জিলাত চৰকাৰে ৰূপায়ন কৰিব বিচৰা কাম স্থানীয় ঠিকাদাৰক কৌশলেৰে কৰিবলৈ নিদি বহিৰাগত ঠিকাদাৰক নিয়োজিত কৰি এক বৃহৎ অংকৰ ধন লুন্ঠন কৰিবলৈ এনে কাৰ্যত জৰিত হৈছে বুলি অভিযোগ কৰিছে আৰ টি আই কৰ্মী দিলীপ নাথে ৷
শক্তি মন্ত্ৰী বিমল বৰা আৰু বিষয়া প্ৰদীপ গোস্বামীয়ে ১১৩.৮৩ কোটি টকাৰ ঠিকা দিল্লীৱালা ঠিকাদাৰক গতাই দি থলুৱা ঠিকাদাৰক ভাতে মৰাৰ ব্যৱস্থা কৰিব বিচাৰিছে বুলি মন্তব্য কৰি নগাঁৱত দিলীপ নাথে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ৷ আৰ টি আই কৰ্মী নাথে বিদ্যুত বিভাগৰ এই কাম দিল্লীৱালা ঠিকাদাৰক গতাই নিদি ১১৩.৮৩ কোটি টকাৰ কাম ভাগ কৰি স্থানীয় ঠিকাদাৰৰ দ্বাৰা ৰূপায়ন কৰিবলৈ আহ্বান জনাইছে ৷
আৰু পঢ়ক: কামৰূপ(মহানগৰ) জিলাত অত্যাধিক ভূমিস্খলনৰ আশংকা, আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us