আৰক্ষীৰ তদন্তৰ সন্মুখীন হ'ব ৩৭ গৰাকী বিষয়া...

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত এ পি এছ চি কেলেংকাৰীক লৈ ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ তদন্তৰ সন্মুখীন হ'ব ৩৭ গৰাকী বিষয়া...

ডিজিটেল ডেস্ক : অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত এ পি এছ চি কেলেংকাৰীক লৈ ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ২০১৩ বৰ্ষত ৰাকেশ পাল নেতৃত্বাধীন এ পি এছ চিয়ে ৰাজ্য চৰকাৰৰ বাবে ৰাজপত্ৰিত বিষয়া বাছনিত সংঘটিত কৰা দুৰ্নীতি, কেলেংকাৰীৰ যিবোৰ তথ্য বিপ্লৱ শৰ্মা আয়োগে প্ৰতিবেদনত প্ৰকাশ কৰিছে, সেই তথ্যৰ আধাৰত আৰক্ষীক তদন্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । দিছপুৰৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা হৈছে জৰুৰী নিৰ্দেশ ।

Advertisment

এই নিৰ্দেশৰ সৈতেই ২০১৩ বৰ্ষত ৰাকেশ পালে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতকামূলক পৰীক্ষাত জালিয়াতিৰে ৰাজপত্ৰিত বিষয়া হিচাপে বাছনিভুক্ত হৈ বৰ্তমানো ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদত কৰ্মৰত অৱস্থাত আছে, সেই ৩৭ গৰাকী বিষয়া আৰক্ষীৰ তদন্তৰ আওতালৈ অহাটো নিশ্চিত হৈ পৰিছে । ৰাজ্য চৰকাৰে আৰক্ষীক এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত সৰ্বমুঠ ৮ টা গোচৰৰ ফাইল খুলিবলৈ নিৰ্দেশ দিছে । ইয়াৰে দুটা গোচৰ ৰুজু কৰা হেছিল ডিব্ৰুগড় থানা আৰু ভঙাগড় আৰক্ষী থানাত ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ এই নিৰ্দেশত চামিল হৈ আছে এই ৩৭ গৰাকী বিষয়াৰ ভৱিষ্যত । কিয়নো বিপ্লৱ শৰ্মাৰ আয়োগে চৰকাৰক যি ৭০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছে তাতে উল্লেখ আছে এই ৩৭ গৰাকী বিষয়াই জালিয়াতি কৰাৰ সম্পূৰ্ণ তথ্য-প্ৰমাণ ।  ইয়াৰে একাংশ প্ৰাৰ্থীয়ে যদি উত্তৰবহী সাল সলনি কৰিছিল আন একাংশই আকৌ ৰাকেশ পালৰ আশীৰ্বাদত লাভ কৰিছিল অধিক নম্বৰ ।

এতিয়া আগন্তুক সময়ৰ সৈতে স্পষ্ট হ'ব এই সন্দৰ্ভত চৰকাৰৰ স্থিতি সাল-সলনি হয় নে একেই কঠোৰতাৰে শাস্তি প্ৰদান কৰে দোষীক..

আৰু পঢ়ক : ঢকুৱাখনাত তিনি মিচিং জাতীয় সংগঠনৰ জিলা অধিৱেশন সম্পন্ন

assam apsc