ঢকুৱাখনাত তিনি মিচিং জাতীয় সংগঠনৰ জিলা অধিৱেশন সম্পন্ন

ঢকুৱাখনাত তিনি মিচিং জাতীয় সংগঠনৰ জিলা অধিৱেশন সম্পন্ন

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী মিচিং সকলক শৃঙ্খলিত ভাবে সংঘবদ্ধ কৰি স্বজাতিক সৰ্বাংগীন প্ৰগতিৰ পথত আগুৱাই নিয়াৰ প্ৰধামতম চালিকা শক্তি টাকাম মিচিং পৰিন কৌবাং, টাকাম মিচিং মিমে কৌবাং আৰু মিচিং মিমে কৌবাং । মিচিং জনগোষ্ঠীৰ মাজত জাতীয় সংগঠন হিচাবে স্বীকৃত এই তিনি সংগঠনৰ ঢকুৱাখনা জিলা সমিতিৰ ত্রিবাৰ্ষিক অধিৱেশন দেওবাৰে অনুষ্ঠিত হয় ।

পূব ঢকুৱাখনাৰ কৰ্মবীৰ বিমলা কান্ত দলে লত্তাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ক্ৰমে ষষ্ঠ, দ্বাদশ আৰু ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনা দেওবাৰে শুভাৰম্ভ হয় পতাকা  উত্তোলনেৰে। তিনিটা সংগঠনৰ সভাপতি আৰু সভানেত্ৰী , বাংকে কৌবাং সমূহৰ সভাপতি সকলৰ জৰিয়তে পতাকা উত্তোলনৰ পূৰ্বে সুদৃশ্য শ্বহীদ বেদীত স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে তিনি সংগঠনৰ সম্পাদক আৰু সম্পাদিকা সকলে। ইয়াৰ পাছতে অনুষ্ঠিত হয় প্ৰয়াত মৃণাল দলে সোঁৱৰণী যুৱ সমাৰোহৰ ।

সমাৰোহখন সঞ্চালনা কৰে টি এম পি কেৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে  । জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰাইজেশ্বৰ পেগু , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক মন্টু বড়ো, মিচিং বানে কৌবাংৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু মেদক অভিৰুচক হিচাবে উপস্থিত থকা যুৱ সমাৰোহৰ পাছতে  বাংকে সমূহত অনুষ্ঠিত এথলেটিকছ প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্রদর্শন কৰা প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়।

ইয়াৰ পাছতে অধিবেশনৰ বিয়লি মুকলি সভা উদ্বোধন কৰে মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ পেগুৱে। প্ৰায় ৬ সহস্ৰাধিক প্ৰতিনিধি আৰু ৰাইজৰ উপস্থিতিত জিলা সভাপতি ক্ৰমে বৃগেন  দলে , দীপেন দলে আৰু পূৰ্ণিমলা  কুম্বাং পাতিৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা।  বৰ্ষা সিক্ত পৰিবেশত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে টাকাম মিচিং পৰিন কৌবাংৰ সভাপতি ৰাজকুমাৰ মৰাংয়ে অংশ গ্ৰহণ কৰে। নিজৰ উদাত্ত ভাষণত মৰাংয়ে কয় স্বজাতীয় ভাষা লোক কৃষ্টি সংস্কৃতিৰ লগতে জাতীয় অস্তিত্ব সুৰক্ষাৰ বাবে যুগ যুগ ধৰি জাতীয় সংগঠন টি এম পি কে আৰু অন্যান্য সংগঠন সমূহে সংগ্ৰাম কৰি আহিছে।  ভূমিপুত্ৰ জনগোষ্ঠী হৈও মিচিং সকলে ভোগ কৰি অহা সীমাহীন অভাৱ সমস্যাৰ বিজ্ঞান সন্মত সমাধানৰ বাবে কৰি অহা গণতান্ত্ৰিক সংগ্ৰাম কৰি অহাৰ পাছতো প্ৰাপ্য সাংবিধানিক অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা  নাই ।

মিচিং জনগোষ্ঠীয়ে  কাৰো ওপৰত নিৰ্ভৰ কৰি জীয়াই নাথাকে বুলি কৈ প্ৰকৃতি প্ৰেমী স্বনির্ভৰশীল ১২ লাখ জন সংখ্যা বিশিষ্ট মিচিং সকলে  স্বাধীনতা সংগ্ৰামৰ পৰা  সাম্প্ৰতিক সময়লৈ  আগবঢ়াই অহা অৱদানৰ কথা অনুকীয়াই ইমান আত্মত্যাগী মিচিং সকলৰ শ্বহীদ  কমলা মিৰিৰ নাম আজিৰ প্ৰেক্ষাপতে পাহৰিলে বুলি  আক্ষেপ প্ৰকাশ কৰে । যি সময়ত শ্বহীদ কুশল কোঁৱৰ কনকলতাৰ নাম উজ্বলি আছে সেই সময়ত  কিন্তু কমলা মিৰিৰ নাম  পাহৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে মৰাঙে কয় সংগ্ৰামৰ অবিহনে একো প্ৰাপ্তি লাভ নকৰে কোনো জাতিয়ে সেয়ে নাৰ্য প্ৰাপ্তি লাভৰ বাবে গণ সংগ্ৰামৰ বিকল্প নাই ।

মুকলি সভাত সন্মানীয় অতিথি হিচাবে টাকাম মিচিং পৰিন কৌবাংৰ সাধাৰণ সম্পাদক তিলক দলে, প্ৰাক্তন সম্পাদক পদ্মলোচন দলে, টাকাম মিচিং মিমে কৌবাংৰ সভানেত্ৰী গীতাঞ্জলি বড়ি পাতিৰ আদিয়ে অংশগ্ৰহণ কৰে। তাৰোপৰি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি সীমান্ত নেওগ, সাধাৰণ সম্পাদক স্বৰাজ শঙ্কৰ গগৈ, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি অচ্যুত বৰগোঁহাই, লখিমপুৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক দেৱজিত বৰুৱা,  লখিমপুৰ জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি হিৰণ্য দত্ত ,গোর্খা সন্মিলনৰ সাংগঠনিক সম্পাদক পদ্মলাল গিৰী, লখিমপুৰ জিলা সমিতিৰ সভাপতি দিলীপ ছেত্ৰী , মিচিং মিমাগ কৌবাংৰ উপ সভাপতি বিজু পেগু, টি এম পি কেৰ প্ৰাক্তন সম্পাদক ৰাজদীপ পেগু, অল আছাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগু ,ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবীণ দলে আদি উপস্থিত থাকি বহু কেইগৰাকী ছাত্ৰ নেতাই বক্তব্য আগবঢ়াই । নিশালৈ কালিনাথ কাঞ্চন দলে সোঁৱৰণি বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে তিনিওটা জাতীয় সংগঠনৰ ত্রি বাৰ্ষিক অধিবেশনৰ সফল সামৰণি মৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in