টংলাত পিডিএছৰ চোৰাং চাউল জব্দ

টংলাত পিডিএছৰ চোৰাং চাউল জব্দ

ডিজিটেল সংবাদ, টংলা : ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত ৰূপাখাট গাঁৱত মঙলবাৰেউ সন্ধিয়া ৰাজহুৱা বিতৰণ আঁচনিৰ বাবে আৱন্তিত বুলি সন্দেহ কৰা প্ৰায় ৭ কুইন্টল ৫০ কিলোগ্ৰাম চাউল অবৈধভাৱে বিক্ৰী কৰাৰ সময়তে ৰাইজে জব্দ কৰে ৷

ৰাইজে কৰা অভিযোগ অনুসৰি সমবায়ৰ এজেন্ট নৱীন ডেকাই ৰাইজৰ বাবে আৱন্তিত পিডিএছ আঁচনিৰ চাউল সঠিকভাৱে বিতৰণ নকৰি আত্মসাৎ কৰি সন্ধিয়া আন্ধাৰৰ সুযোগত ২৫ কিলোগ্ৰামৰ আন ৩০ টা প্লাষ্টিকৰ বস্তাত ভৰাই কুকুৰাকাটাৰ জনৈক অজিত নামৰ গেলামাল দোকানীক বিক্ৰী কৰে ৷ মঙলবাৰে এখন ই-ৰিক্সাৰে চাউলখিনি সৰবৰাহ কৰাৰ সময়তে স্থানীয় ৰাইজে চাউলখিন জব্দ কৰি টংলা আৰক্ষীক চমজাই দিয়ে ৷

জব্দকৃত চাউলৰ সঠিকভাৱে তদন্ত কৰি যথোচিত ব্যৱস্থা গ্ৰহণৰ উপৰি ভেৰগাঁও মহকুমাৰ একাংশ সমবায় এজেন্টে দুটা বা তিনিটা কোটাৰ আৱন্টিত চাউলৰ বিপৰীতে হিতাধিকাৰীক এটা কোটাৰ চাউল বিতৰণ কৰি এনেদৰে আত্মসাৎ কৰা চাউল কলা বজাৰত বিক্ৰী কৰি অহা বুলিও ৰাইজে অভিযোগ কৰি এই বিষয়টো গুৰুত্বসহকৰে তদন্ত কৰাৰ বাবে ৰাইজে খাদ্য আৰু অসামৰিক যোগান বিভাগক দাবী জনাইছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in