গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজপথত আৰক্ষীৰ তন্ন তন্নকৈ তালাচী...

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজপথত আৰক্ষীৰ তন্ন তন্নকৈ তালাচী...

author-image
Asomiya Pratidin
New Update
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজপথত আৰক্ষীৰ তন্ন তন্নকৈ তালাচী...

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজপথত আৰক্ষীৰ তন্ন তন্নকৈ তালাচী...

ডিজিটেল সংবাদ চিৰাং: দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চিৰাং জিলাৰ নিৰ্দিষ্ট এলেকাৰ পথৰ ওপৰত তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে । গণৰাজ্য দিৱসত যাতে কোনো দুষ্কৃতিকাৰীয়ে কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত ভুৰ তিনিআলিত ছামঠাইবাৰী -গেলেফু সংযোগী পথেদি যাতায়াত কৰা প্ৰতিখন বাহনত তন্ন তন্নকৈ তালাচী চলায়।

Advertisment

ইপিনে জিলা সদৰ কাজলগাঁৱতো উপ-আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত ঢালিগাঁও থানাৰ আৰক্ষীয়ে কাজলগাঁও - বেংতল পথত তালাচী অভিযান চলায় । পূৰ্বৰ দৰেই এইবেলিও তেনেকুৱা কূটাঘাতমূলক কাৰ্য্যকলাপ আশংকা নাই যদিও চিৰাং আৰক্ষী ফালৰ পৰা নিৰাপত্তাৰ দিশত কোনো সুৰুঙা নৰখাকৈ শান্তিপূৰ্ণ ভাৱে গণৰাজ্য দিৱস অনুষ্ঠিত কৰিব পাৰে তাৰ বাবেই এই তালাচ অভিযান বুলি চিৰাঙৰ আৰক্ষী অধীক্ষক জনে মন্তব্য কৰে ।

ক্লিক কৰি পঢ়কঃ ভাল খবৰ ! ২৭ জানুৱাৰীত ৰাজ্যৰ ৩১ টা চিনেমা হলত মুক্তি পাব 'অনুৰ'

আসম আৰক্ষী আৰক্ষীৰ তালাচী গণৰাজ্য দিৱস