/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ দুই বিষয়াক প্ৰহাৰ...
মানকাচৰৰ চৰ কুকুৰমাৰাত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানৰ সময়ত দুই আৰক্ষী বিষয়াক গৰু সৰবৰাহকাৰীৰ আক্ৰমণ।
গুৰুতৰ ভাবে আহত জহিৰুল ইছলাম আৰু ছামচুল হক।
দুয়োগৰাকী আৰক্ষী বিষয়াক মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষীয়ে ১৬ টা গৰুসহ এজন লোকক আটক কৰিছে।
জব্দ কৰিছে এখন বাহনো।
ভাৰত বাংলাদেশ সীমান্তবৰ্তী চৰ কুকুৰমাৰাত সংঘটিত হৈছে এই ঘটনা।
মেঘালয়ৰ পৰা এখন বাহনত আনিছিল জব্দ কৰা গৰু কেইটা।
জানিব পৰা মতে সীমান্তৰ গাঁওখনত এইদৰে দিনত গৰু আনি জমা কৰি নিশা কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ সৰবৰাহ কৰে।
Also Read: অৱসৰ ল'লে অসমৰ সফল ক্ৰিকেটাৰ আবু নেছিম আহমেদেঃ ক'লে ভৱিষ্যত পৰিকল্পনাৰ কথা...