জামুগুৰিহাটত মফিজুদ্দিন আহমেদ সোঁৱৰণি ক্ৰিকেট প্ৰতিযোগিতা

জামুগুৰিহাটৰ বাকোলা গাঁৱৰ খেলপথাৰত অনুষ্ঠিত মফিজুদ্দিন আহমেদ সোঁৱৰণি চলন্ত ট্ৰফী ও প্ৰাইজমাণী ক্ৰিকেট খেল প্ৰতিযোগীতাৰ বৃহস্পতিবাৰে নিশা ফাইনেল খেল সম্পন্ন হয়৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত মফিজুদ্দিন আহমেদ সোঁৱৰণি  ক্ৰিকেট প্ৰতিযোগিতা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বাকোলা গাঁৱৰ খেলপথাৰত অনুষ্ঠিত মফিজুদ্দিন আহমেদ সোঁৱৰণি চলন্ত ট্ৰফী ও প্ৰাইজমাণী ক্ৰিকেট খেল প্ৰতিযোগীতাৰ বৃহস্পতিবাৰে নিশা ফাইনেল খেল সম্পন্ন হয়৷ বাকোলা ক্ৰিকেট ক্লাৱৰ উদ্যোগত অৱসৰপ্ৰাপ্ত কৃষি বিষয়া, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মফিজুদ্দিন আহমেদৰ সুযোগ্য পুত্ৰ বুলু আহমেদৰ পৃষ্ঠপোষকতাত বিগত চল্লিশ বছৰ ধৰি চলি অহা দিব্যা নৈশ ক্ৰীকেট খেল প্ৰতিযোগিতাখনিৰ বৃহস্পতিবাৰৰ নিশা অনুষ্ঠিত ফাইনেল খেল খনলৈ আৰম্বৰপুৰ্ণ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে খেলপথাৰলৈ আদৰি অনা পৰিলক্ষিত হয় মূখ্য অতিথি তথা উদ্বোধক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক৷

Advertisment

বাকোলা ক্ৰিকেট ক্লাৱৰ তৰফৰ পৰা ফুলাম গামোচা ও চেলেং চাদৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে চূড়ান্ত তথা ফাইনে খেলখনৰ শুভ উদ্বোধন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ চাহাবুদ্দিন আহমেদ, পৌৰসভাৰ উপ পৌৰপতি অঞ্জন কলিতা, যুৱ সমাজকৰ্মী ইমামুদ্দিন আদিয়ে।

বাকোলা ক্ৰিকেট ক্লাৱৰ সভাপতি সম্পাদক ক্ৰমে আখটাৰ হুচেইন আৰু চালেহ আহমেদে জনোৱা মতে এইবাৰৰ দিব্যা নৈশ ক্ৰিকেট প্ৰতিযোগীতা খনিত ৰাজ্যখনৰ ত্ৰিশটাৰো অধিক আগশাৰীৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছে ৷ চাৰি দিনিয়াকৈ অনুষ্ঠিত হোৱা ক্ৰিকেট প্ৰতিযোগিতাৰ আকৰ্শনীয় ফাইনেল খেলখনত“ হাৰিকেন” ক্ৰিকেট দলে চমকপ্ৰদ খেল প্ৰদৰ্শনৰ জৰিয়তে “মুস্তাক ইলেভেন ” ক্ৰিকেট দলক পৰাস্ত কৰি মফিজুদ্দিন আহমেদ সোঁৱৰণি ট্ৰফী অৰ্জন কৰাৰ লগতে প্ৰাইজ মানী হিচাবে এক লাখ টকাৰ চেক লাভ কৰিবলৈ সক্ষম হয় ।

Also Read: নগাঁৱত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

cricket