আলফা(স্বা)ৰ গুপ্তধন বিচাৰি গুৱাহাটীৰ এখন শ্মশানত পূজা...

কিছুমান চাঞ্চল্যকৰ ঘটনাই আজিও মানুহক ভাবিবলৈ বাধ্য কৰাই যে আধুনিকতাৰ এই সমাজত অন্ধবিশ্বাস নোহোৱা হৈ যোৱা নাই।

author-image
Asomiya Pratidin
New Update
আলফা(স্বা)ৰ গুপ্তধন বিচাৰি গুৱাহাটীৰ এখন শ্মশানত পূজা...

ডিজিটেল ডেস্ক: কিছুমান চাঞ্চল্যকৰ ঘটনাই আজিও মানুহক ভাবিবলৈ বাধ্য কৰাই যে আধুনিকতাৰ এই সমাজত অন্ধবিশ্বাস নোহোৱা হৈ যোৱা নাই। এই ধৰণৰ এক ঘটনাই সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।

আলফা (স্বা)ৰ গুপ্তধনৰ সন্ধানত লখাৰত দুই তান্ত্রিকৰ পূজা। সৰুসজাইৰ কাৰ্বি শ্মশানত সংঘটিত হৈছে এই ঘটনা। পূজা আৰম্ভৰ পাছতেই শ্মশানৰ সমীপৰ বাসিন্দাই আৱদ্ধ কৰে দুই তান্ত্রিকক।

ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে দুয়োকে। দীপক কলিতা নামৰ লোকজনে আনিছিল তান্ত্রিক দুজনক। এজন তান্ত্রিক পশ্চিম বংগৰ স্বপন দে’ আৰু আনজন মেঘালয়ৰ। দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰিছে দুখন বিলাসী বাহন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

আৰু পঢ়ক: অসম সাহিত্য সভাৰ বিভিন্ন বঁটাৰ বাবে নাম ঘোষণা...

guwahati Assam police