/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2020/01/asomsahityasabha-570x320-680x365-1.jpg)
ডিজিটেল ডেস্ক: ঘোষণা হ'ল অসম সাহিত্য সভাৰ বিভিন্ন বঁটাৰ বাবে নাম। কাক কি বঁটা প্ৰদান কৰা হৈছে তলত সৱিশেষ উল্লেখ কৰা হ'ল-
-
অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা ড০ এম কামালুদ্দিন আহমেদলৈ। ড০ আহমেদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক।
-
কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা বঁটা ড০ পূৰ্ণ ভট্টাচাৰ্যলৈ।
-
বাসন্তী বৰদলৈ বঁটা তিনিচুকীয়াৰ নীলাক্ষি চলিহা গগৈলৈ।
-
হেম বৰুৱা বঁটা গুৱাহাটীৰ গংগাপদ চৌধুৰীলৈ ।
-
বুদুৰাম পাংগিং সোঁৱৰণী বঁটা লাভ মুকুট শৰ্মাৰ।
-
ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা অঞ্জলি মহন্তলৈ।
-
ভৰত চন্দ্র বৰুৱা বঁটা ভূপেন্দ্র ৰায়চৌধুৰীলৈ ।
-
অমূল্য বৰুৱা কবি বঁটা নলবাৰীৰ ৰঞ্জিৎ পাটগিৰিলৈ।
-
গিৰিধৰ শৰ্মা বঁটা নগাঁৱৰ প্রতিভা ভাগৱতীলৈ।
উল্লেখ্য যে, ২ ফেব্রুৱাৰীত বঁটাসমূহ প্রদান কৰা হ’ব। অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনত প্ৰদান কৰা হ'ব এই বঁটা সমূহ।
আৰু পঢ়ক: অনলাইন প্ৰতাৰকৰ কবলত আই চি চি