
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ চিথিলাৰ শালবাৰী নিৱাসী তথা ছিপাঝাৰ থানাত কৰ্মৰত আৰক্ষী পৰিদৰ্শক নিতাই চন্দ্ৰ ৰায়ক ফকিৰাগ্ৰাম আৰক্ষীয়ে আটক কৰা ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি । জানিব পৰা মতে এগৰাকী যুৱতীক প্ৰেমৰ ছলনাৰে ধৰ্ষণ কৰি অন্ত:সত্বা কৰাৰ উপৰিও গৰ্ভস্থ সন্তান নষ্ট কৰা,শাৰিৰীক -মানসিক নিৰ্যাতন কৰা আদিকে ধৰি কেবাটাও অভিযোগৰ ভিত্তিত নিতাই চন্দ্ৰ ৰায়ক গ্ৰেপ্তাৰ কৰে ।
নিৰ্যাতিতা যুৱতীগৰাকীৰ এজাহাৰ (নং-৫০/২৩)ৰ ভিত্তিত মঙলবাৰে ছিপাঝাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত নিতাই চন্দ্ৰ ৰায়ক কোকৰাঝাৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায় । নিৰ্যাতিতা যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে ৰমেশ চন্দ্ৰ ৰায়ৰ সন্তান ছিপাঝাৰ থানাত কৰ্মৰত আৰক্ষী পৰিদৰ্শক নিতাই চন্দ্ৰ ৰায়ে ২০১৮ চনৰ ১৮ জানুৱাৰীত দুৰ্ভগীয়া যুৱতীগৰাকীক সামাজিকভাৱে আঙুঠি পিন্ধাইছিল। দুয়োপক্ষৰ আত্মীয় -সজ্জ্বন,পৰিয়ালৰ উপস্থিতিত যুৱতীগৰাকীৰ বাসগৃহতে আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হৈছিল ।
আঙুঠি পিন্ধোৱা পৰ্বৰ পিছত নিতাই চন্দ্ৰ ৰায়ে সময়-সুযোগ পালেই যুৱতীগৰাকীৰ ঘৰলৈ গৈছিল । এনেদৰে যোৱা ২০১৯ চনৰ ৭ ফেব্ৰুৱাৰীত নিতাই চন্দ্ৰ ৰায়ে যুৱতীগৰাকীক নিজৰ বাসগৃহ দেখুৱাবলৈ লৈ আহে।
উক্ত সময়ত ৰায়ৰ বাসগৃহত কোনো নাছিল আৰু তাৰে সুযোগ লৈ ধৰ্ষণৰ অভিযোগ উত্থাপন যুৱতীগৰাকীৰ । উক্ত অপকাণ্ড সংঘটিত কৰাৰ পিছত ঘটনাৰ বিষয়ে কাকো নজনাবলৈ যুৱতীগৰাকীক নিতাই চন্দ্ৰ ৰায়ে ভাবুকি দিয়ে আৰু অতি সোনকালে বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
ইয়াৰ পিছত ২০২০ চনৰ ০৭ অক্টোবৰত নিচাসক্ত অৱস্থাত চৌহদৰ বেৰ জপিয়াই নিতাই চন্দ্ৰ ৰায়ে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ দৰ্জাত গোৰ মাৰি যুৱতীগৰাকী আৰু পৰিয়ালৰ লোকক অকথ্য ভাষাৰে গালি-গালাজ কৰাৰ উপৰিও শাৰিৰীকভাৱে নিৰ্যাতন চলায়। এনেবোৰ ঘটনাৰ পাছতো যুৱতীগৰাকী তথা পৰিয়ালৰলোকে নিতাই চন্দ্ৰ ৰায়ক বিবাহৰ কথা কোৱাত ক'ভিড ১৯ প্ৰট'কলৰ দোহাই দি বিবাহৰ পৰা আতৰি থাকে।
ইয়াৰ পিছত ২০২২ চনৰ প্ৰথমভাগত নিতাই চন্দ্ৰ ৰায়ে যুৱতীগৰাকীক তেওঁৰ কৰ্মথলীলৈ যাবলৈ লগ ধৰাত যুৱতীগৰাকীয়ে একেষাৰতে সেয়া নাকচ কৰে। ফলত ৰায়ে যুৱতীগৰাকীক অন্তৰংগ মুহুৰ্তৰ ভিডিঅ' ক্লিপ আৰু ফটো দেখুৱাই ব্লেকমেইলিঙ কৰা আৰম্ভ কৰে ।
এনেকৈয়ে বহুবাৰ যৌনসংগম কৰাৰ ফলত যুৱতীগৰাকী অন্তঃসত্বা হয় আৰু বিষয়টো নিতাই চন্দ্ৰ ৰায়ক অৱগত কৰাত তেওঁ ২০২২ চনৰ ২৭ ডিচেম্বৰত যুৱতীগৰাকীৰ বাসগৃহত উপস্থিত হয়। ক'ৰ্টমেৰেজ কৰিব বুলি যুৱতীগৰাকীক নিজ ঘৰলৈ লৈ আহি নিতাই চন্দ্ৰ ৰায়ে ষ্টাম্প পেপাৰত চহী লয় ।
ইয়াৰ পিছতে যুৱতীগৰাকীক বলপূৰ্বকভাৱে টেবলেট সেৱন কৰোৱায়। ফলত যুৱতীগৰাকীৰ গৰ্ভস্থ সন্তান নষ্ট হয়। সন্তান নষ্ট হোৱাৰ পিছতে নিতাই চন্দ্ৰ ৰায় পুনৰাই নিজ কৰ্মথলীলৈ উভতি যায়।
আকৌ ২০২৩ চনৰ ১৬ জানুৱাৰীত নিতাই চন্দ্ৰ ৰায়ে বিবাহৰ বাবে আলোচনা কৰিবলৈ যুৱতীগৰাকীক তেওঁলোকৰ পৰিয়ালৰ সদস্যক মাতিবলৈ কয় আৰু সেই মৰ্মে পৰিয়ালৰ সদস্যসকল উপস্থিত হোৱাত যৌতুক দাবী কৰে। যৌতুকৰ দাবী পুৰণ কৰিব নোৱাৰাত সামাজিকভাৱে বিবাহ কৰিবলৈ অস্বীকাৰ কৰে আৰু ঘৰৰ পৰা ওলাই যাবলৈ যুৱতীগৰাকীক নিৰ্দেশ দিয়ে ।
ইয়াৰোপৰি যোৱা ২১ ফেব্ৰুৱাৰীত নিতাই চন্দ্ৰ ৰায় যুৱতীগৰাকীক মাজনিশা প্ৰহাৰ কৰে আৰু বুটজোতাৰে গচকে । বিবাহৰ প্ৰলোভনেৰে যুৱতীগৰাকীক ঘৰলৈ আনি শাৰিৰীক-মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ পিছত যোৱা ১৯ এপ্ৰিলত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ে আন এগৰাকী যুৱতীক ঘৰলৈ লৈ আহে ।
আন এগৰাকী যুৱতীক ঘৰলৈ অনা কথাৰ প্ৰতিবাদ কৰাত নিতাই চন্দ্ৰ ৰায়ে নিৰ্যাতিতা যুৱতীগৰাকীক কটু কথা শুনাই আৰু নতুন যুৱতীগৰাকীৰে নৈশ যাপন কৰি পুৱা কৰ্মথলীলৈ গুচি যায় । ইয়াৰ পিছত ২৭ এপ্ৰিলৰ নিশা কোনো অচিনাক্ত লোকে দুৰ্ভগীয়া যুৱতীগৰাকীৰ কোঠাত প্ৰৱেশ কৰিবলৈ দৰ্জাত ঢকিয়ায় আৰু উক্ত ঘটনাৰ বিষয়ে নিতাই চন্দ্ৰ ৰায়ক অৱগত কৰাত "তই এতিয়াও বাচি আছা, মৰি নোযোৱা কিয়" বুলি কৈ পিতৃ গৃহত গুচি যাবলৈ নিৰ্দেশ দিয়ে ।
উক্ত ঘটনাবোৰৰ লগতে নিৰ্যাতিতা যুৱতীগৰাকীয়ে প্ৰাণৰ সংশয়ত ভোগাৰ কথা এজাহাৰত উল্লেখ কৰি ন্যায় প্ৰদান কৰিবলৈ আৰক্ষীৰ ওচৰত অনুৰোধ জনায় । উল্লেখ্য যে আজি অভিযুক্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ক আদালতত হাজিৰ কৰাৰ পিছত আৰক্ষীয়ে ৫দিনৰ জিন্মালৈ বিচাৰিছিল যদিও আদালতে ২ দিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ।
প্ৰণিধানযোগ্য যে আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায় ইয়াৰ পূৰ্বেও কু-কৰ্মৰ সতে জড়িত আছিল আৰু তেওঁ এগৰাকী বিতৰ্কিত আৰক্ষী বিষয়া হিচাপে পৰিচিত । জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ এনে কু-কৰ্মই আৰক্ষী বিভাগকে বদনামী কৰি তুলিছে বুলি সচেতন নাগৰিকৰ আক্ষেপ প্ৰকাশ ।
উল্লেখ্য যে নিতাই চন্দ্ৰ ৰায়ৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩১৩/ ৩৫৪(চি)/ ৩৭৬/ ৪২০; ৬৭(এ) আই.টি এক্টৰ ধাৰা ৰজু কৰে।