সাংস্কৃতিক জগত উকা কৰি গ'লগৈ অভিনেতা মিহিৰজ্যোতি বৰুৱা

অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত শোঁকৰ ছাঁ পৰে
মিহিৰজ্যোতি বৰুৱা
মিহিৰজ্যোতি বৰুৱা

ডিজিটেল ডেস্কঃ অসমীয়া ছবি তথা সাংস্কৃতিক জগতক উকা কৰি এই ধৰাৰ পৰা বিদায় মাগিলে অভিনেতা-পৰিচালক মিহিৰজ্যোতি বৰুৱাই। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মঙলবাৰে শিল্পীগৰাকীৰ মৃত্যু হয়।

দুপৰীয়া প্ৰায় ২ঃ৩০ বজাত অভিনেতা বৰুৱাৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। প্ৰয়াত অভিনেতাগৰাকীয়ে ছবি জগতৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।

ইয়াৰোপৰি তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় প্ৰতিভাৰ উমান দি সাফল্য অৰ্জন কৰিছিল। উল্লেখ্য যে, প্ৰয়াত বৰুৱাই দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত শোঁকৰ ছাঁ পৰে।

মিহিৰজ্যোতি বৰুৱা
AIৰ দ্বাৰা নতুন সৃষ্টিঃ পুৰুষ ক্ৰিকেটাৰক মহিলাৰ ৰূপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in