১৪০ কোটি ভাৰতীয়ৰ সপোন কঢ়িয়াই সূৰ্যলৈ আদিত্য এল-১

১৪০ কোটি ভাৰতীয়ৰ সপোন কঢ়িয়াই সূৰ্যলৈ আদিত্য এল-১
Published on
Updated on

ডিজিটেল ডেস্ক : ভাৰতৰ চন্দ্ৰ বিজয়ৰ পিচত শনিবাৰে ১১ বাজি ৫০ মিনিটত সফলতাৰে উৎক্ষেপণ কৰা হ'ল আদিত্য এল-১ মহাকাশযান। ১৪০ কোটি ভাৰতীয়ৰ সপোন কঢ়িয়াই শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ ক্ষেত্ৰ পৰা সূৰ্যলৈ বুলি উৰা মাৰিলে আদিত্য এল-১ নামৰ মহাকাশযানখনে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এয়া প্ৰথম সূৰ্য অভিযান। আদিত্য এল-১ প্ৰকৃততে এখন সূৰ্য পৰ্য্যবেক্ষণকাৰী যান। এই মহাকাশযানখনে পৃথিৱীৰ পৰা সূৰ্য অভিমুখে ১.৫ নিযুত কিলোমিটাৰ দূৰত্বলৈ যাত্ৰা কৰিব।

ই সূৰ্য আৰু পৃথিৱীৰ যি এল-১ নামৰ মধ্যকৰ্ষণ বিন্দু আছে সেই সম্পৰ্কে অধ্যয়ন কৰিব। মহাকাশযানখনৰ যাত্ৰাকালত গন্তব্যস্থল পাওতে সময় লাগিব ৪মাহ। আনহাতে প্ৰতিদিনে আদিত্য এল-১য়ে ১৪৪০ খন ফটো পৃথিৱীলৈ প্ৰেৰণ কৰিব। ইফালে সূৰ্যৰ পৰা ১৪৮.৫ মিলিয়ন কিলোমিটাৰ দুৰত্বত থাকি যানখনে অৱস্থান কৰিব।

উল্লেখ্য যে,ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ই যোৱা ২৮ আগষ্টত সূৰ্য অভিযান সম্পৰ্কে ঘোষণা কৰিছিল। ইছৰ'ৰ এই প্ৰকল্পটিত ২০১৫ চনৰ পৰাই জড়িত হৈ আছে অসমৰ ড০ ঐশ্বন্যা শৰ্মা। তেওঁ সূৰ্যৰ আলোক মণ্ডল আৰু বৰ্ণ মণ্ডলত স্থিত তৰংগৰ কম্পনাংকৰ বিষয়ে অধ্যয়ন কৰিব। 

১৪০ কোটি ভাৰতীয়ৰ সপোন কঢ়িয়াই সূৰ্যলৈ আদিত্য এল-১
এইবাৰ ইছৰ’ৰ সূৰ্য অভিযান : আজি দিনৰ ১১-৫০ বজাত সূৰ্য অভিমুখে আদিত্য এল-১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in