-
লামডিঙত আৰক্ষী আৰু ড্ৰাগছ পেডলাৰৰ মাজত সংঘটিত হয় সংঘৰ্ষ ।
-
বৃহস্পতিবাৰে পুৱতি নিশা লামডিং আৰক্ষীয়ে গোপন সুত্ৰৰ ভিক্তিত লামডিং IOCৰ সমীপত অভিযান চলোৱা কালতে সংঘটিত হৈছে উক্ত ঘটনাটি ৷
-
লামডিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আহত হয় এজন গৃহৰক্ষী জোৱান।
-
আবুল আলী নামৰ এজন ড্ৰাগছ পেডলাৰক আটক কৰিবলৈ গৈ আহত হয় লামডিং আৰক্ষীৰ গৃহৰক্ষী জোৱান প্ৰণৱ পাঠক।
-
আবু আলিক বচাবলৈ গৈ পৰিয়ালবৰ্গই গৃহৰক্ষী জোৱানজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
-
আৰক্ষীৰ কৰ্তব্যত বাধা দিয়াৰ বাবে আবু আলিৰ পৰিয়ালৰ চাৰি জনক আৰক্ষীয়ে আটক কৰিছে।
-
আবু আলিক আৰক্ষীয়ে আটক কৰিবলৈ এতিয়াও তদন্ত অব্যাহত ৰাখিছে ৷
-
ঘটনা সন্দৰ্ভত আটোকাধীন চাৰিজন হল- ফাইজল আলি, ৰফিক আলি, সৱনা বেগম আৰু ৰশৌন বেগম।
Also Read: বঙৰাৰ শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰৰ সুঁৱৰি উৎসৱৰ মহাৰজত জয়ন্তীৰ লাইখুঁটা স্থাপন