চৰাইদেউৰ লাকুৱা চলা শ্যাম গাঁৱত "পয় চাংকেন" উদযাপন

চৰাইদেউৰ লাকুৱা  চলা শ্যাম গাঁৱত "পয়  চাংকেন" উদযাপন

ডিজিটেল সংবাদ, চৰাইদেউঃ অসমীয়া জাতিৰ আয়ুসৰেখা ব'হাগ বিহুৰ সামান্তৰালকৈ অনুষ্ঠিত হয় "পয় চাংকেন"। অসমৰ(লগতে অৰুণাচলত) কেইটিমান সৰু সৰু তাই জনগোষ্ঠী তাই ফাকে / তাই খাময়াং/ তাই আইতন/তাই তুৰুং /তাই খামটিৰ লগতে চিংফৌ সকলে প্ৰতিবছৰৰ দৰে চলিত চ'ত মাহৰ শেষ দিন অৰ্থাৎ গৰু বিহু দিনাৰ পৰা বহাগৰ ২য় দিনটোলৈকে পালন কৰে "পয় চংকেন" উৎসৱ ।

প্ৰতিখন গাওঁৰ বৌদ্ধ বিহাৰত গাওঁৰ সকলোৱে সমবেত হৈ বিশুদ্ধ পানীৰে তথাগত বুদ্ধৰমূৰ্তি পখালে এই উৎসৱতে। বিশুদ্ধ পানী ইজনে সিজনলৈ ছতিয়াই বৌদ্ধবৰ্ষ আৰম্ভণিৰ শুভেচ্ছা জ্ঞাপনৰ লগতে প্ৰতিজনক শুভেচ্ছা জনাই অসমীয়া নববৰ্ষৰ বাবে।

নিজস্ব কৃষ্টি সংষ্কৃতি বজাই ৰাখি অসমৰ বতাহ পানীৰে লালিত পালিত মনে প্ৰাণে অসমীয়া এই জনগোষ্ঠিসমুহৰ গাওঁসমুহত উদযাপন হোৱা "পয় চাংকেন" (অসমত) বহাগৰ অন্য এক ৰূপ অন্য ৰং ।

চৰাইদেউৰ লাকুৱা  চলা শ্যাম গাঁৱত "পয়  চাংকেন" উদযাপন
বনৰীয়া ম’হৰ আক্রমণত নিহত বনকৰ্মী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in