দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত উন্মোচন হ'ল ডা: হেমন্ত কুমাৰ গোস্বামীৰ কবিতাপুথি

author-image
Asomiya Pratidin
New Update
দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত উন্মোচন হ'ল ডা: হেমন্ত কুমাৰ গোস্বামীৰ কবিতাপুথি

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ ২৫ ডিছেম্বৰ অৰ্থাৎ বৰদিনৰ দিনটোতেই নতুন দিল্লীস্থিত শ্ৰীমন্ত শংকৰদেৱ ভৱনত উন্মোচন কৰা হ'ল ডা: হেমন্ত কুমাৰ গোস্বামীৰ "এখন প্ৰেমময় পৃথিৱীৰ বাবে" শীৰ্ষক কবিতাপুথি খনি । নগাঁৱৰ মন্টু বুক ষ্টলে প্ৰকাশ কৰা এই কবিতাপুথিখনি উন্মোচন কৰা হয় দিল্লী সাহিত্য সভাৰ এক গাম্ভীৰ্যপূৰ্ণ সভাত ।

Advertisment

কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড০ মঞ্জু দেৱী পেগুৰ বিশ্লেষণ সম্বলিত এই কিতাপখন একেলগে উন্মোচন কৰে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা তথা এইবছৰৰ সাহিত্যিক পেঞ্চন প্ৰাপ্ত ড০ মলয়া খাওণ্ড, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বিনোড খাদাৰিয়া, দিল্লী নিবাসী বিশিষ্ট সংস্কৃত পণ্ডিত কৰ্ণেল জিতেন হাজৰিকা, দিল্লীৰ বিশিষ্ট সমাজসেৱীকা ড০ ৰীণা শৰ্মা আৰু দিল্লী দূৰদৰ্শনৰ প্ৰসিদ্ধ অভিযন্তা শ্ৰী ত্ৰিদিৱ শ‌ইকিয়াই।

আৰু পঢ়ক : মিজোৰামত তিনিটাকৈ বিদেশী বন্যজন্তু জব্দ মিজো আৰক্ষীৰ

assam delhi