অসম আবৃত্তি মঞ্চৰ উদ্যোগত কবিতা আবৃত্তিৰ কৰ্মশালা...

তিতাবৰ কলাতীৰ্থ সঙ্গীত মহাবিদ্যালয়ত অসম আবৃত্তি মঞ্চ উদ্যোগত কবিতা আবৃত্তিৰ কৰ্মশালা মুখ্য অতিথি হিচাপে উপস্থিত বিশিষ্ট অভিনেতা তপন দাস
অসম আবৃত্তি মঞ্চৰ উদ্যোগত কবিতা আবৃত্তিৰ কৰ্মশালা...

ডিজিটেল সংবাদ, বেকাজান: তিতাবৰত অসম আবৃত্তি মঞ্চৰ উদ্যোগত কবিতা আবৃত্তিৰ কৰ্মশালা। তিতাবৰ কলাতীৰ্থ সঙ্গীত মহাবিদ্যালয়ত অসম আবৃত্তি মঞ্চ তিতাবৰ শাখাৰ উদ্যোগত সোমবাৰৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কবিতা আবৃত্তিৰ কৰ্মশালা।

আবৃত্তি কৰ্মশালাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট প্ৰশিক্ষক তথা আবৃত্তিকাৰ শান্তিছায়া শইকীয়াই। কৰ্মশালাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ বোলছবি জগতৰ বিশিষ্ট অভিনেতা তথা আবৃত্তিকাৰ তপন দাস। প্ৰকাশ বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত তিতাবৰৰ বিশিষ্ট লেখক পৰেশ বৰুৱা, অৱসৰপ্ৰাপ্ত অভিযন্তা আতিকুৰ ৰহমান, কবি প্ৰতিমা বৰুৱা উপস্থিত থাকে। অনুষ্ঠানত নৱগঠিত শাখাৰ সভানেত্ৰী ৰীতা বৰগোহাঁই ফুকনে আদৰণি ভাষণেৰে সকলোকে আদৰণি জনায়।

কৰ্মশালাখনিত তিতাবৰ অঞ্চলৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যি সময়ত অসমৰ ভাষা সংস্কৃতি মিশ্ৰিত হৈ পৰাৰ অভিযোগ আহি পৰিছে তেনে সময়ত তিতাবৰত অনুষ্ঠিত এই কবিতা আবৃত্তিৰ কৰ্মশালাখনী নতুন প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। উদ্যোগক্তাসকলে জনোৱা মতে পৰৱৰ্তী দুদিনত আবৃত্তিকাৰ যোগানন্দ বৰা আৰু বিশিষ্ট প্ৰশিক্ষক ৰাজীৱ বল্লভ গোস্বামীয়ে সমলব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিব।

অসম আবৃত্তি মঞ্চৰ উদ্যোগত কবিতা আবৃত্তিৰ কৰ্মশালা...
প্ৰেৰণা! এই কাম কৰিলে জীৱন যুদ্ধত হাৰ নামানিব আপুনি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in