প্ৰেৰণা! এই কাম কৰিলে জীৱন যুদ্ধত হাৰ নামানিব আপুনি...

কঠোৰ পৰিশ্ৰম কৰিলে এদিন নহয় এদিন সফলতাৰ বাটত যে আপুনি খোজ কাঢ়িব সেইয়া নিশ্চিত

author-image
Asomiya Pratidin
New Update
প্ৰেৰণা! এই কাম কৰিলে জীৱন যুদ্ধত হাৰ নামানিব আপুনি...

ডিজিটেল ডেস্ক: সময়ে সকলোকে সুযোগ দিয়ে। কঠোৰ পৰিশ্ৰম কৰিলে এদিন নহয় এদিন সফলতাৰ বাটত যে আপুনি খোজ কাঢ়িব সেইয়া নিশ্চিত। সময়ে সকলোৰে জীৱনলৈ সুবৰ্ণ সুযোগ আনে। এইয়া পুনৰ বাৰ প্ৰমাণ কৰিলে এগৰাকী অভিনেত্রীয়ে।

Advertisment

আপুনি কম বেছি পৰিমাণে হয়তু অভিনেত্রী হেটেল যাদৱৰ কথা শুনিছে। অভিনেত্রী হেটেল যাদৱে শেহতীয়াকৈ লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্রীৰ (নিগেটিভ ৰ'ল) বঁটা। বঁটা লাভ কৰিয়ে অভিনেত্রী গৰাকীয়ে ৰোমন্থন কৰিলে জীৱন যাত্রাৰ আৰম্ভণিৰ সময়।

অভিনেত্রী গৰাকীৰ অভিনয় যাত্রা যে সহজ নাছিল সেইয়া প্ৰতিফলিত হয় তেওঁৰ সামাজিক মাধ্যমৰ এটা প'ষ্টত। কেৰিয়াৰৰ আৰম্ভণিতে অভিনেত্রী গৰাকীয়ে বেকগ্রাউণ্ড ডান্সাৰ হিচাপে আৰম্ভ কৰিছিল জীৱন যাত্রা। নিজৰ কষ্টোপাৰ্জিত সন্মান তথা স্বীকৃতিৰ কথা উল্লেখ কৰি অভিনেত্রী গৰাকীয়ে নিজকে ধন্য মানে। লগতে জীৱন যুদ্ধত হাৰ নামানিবলৈ অনুৰাগীসকলক উৎসাহিত কৰে। তেওঁ কয় যে, আপুনি যি কামেই নকৰক কিয় মাত্ৰ হাৰ নামানি আগবাঢ়ি গৈ থাকক, আপোনাৰ জয় নিশ্চিত!

Also Read: আজি বিশ্ব ঘৰচিৰিকা দিৱস!

bollywood actor bollywood