টেঙাখাতত "চ'ৰাঘৰৰ কাব্যানুষ্ঠান" শীৰ্ষক বিশেষ অনুষ্ঠান

টেঙাখাতত "চ'ৰাঘৰৰ কাব্যানুষ্ঠান" শীৰ্ষক বিশেষ অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
টেঙাখাতত "চ'ৰাঘৰৰ কাব্যানুষ্ঠান" শীৰ্ষক বিশেষ অনুষ্ঠান

ডিজিটেল সংবাদ, টেঙাখাতঃ টেঙাখাত শাখা কবি সন্মিলনে পূৰ্বৰে পৰা ৰূপায়ন কৰি অহা সাহিত্য চৰ্চা অনুষ্ঠানৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবছৰো শৰৎ আগমনৰ প্ৰাকক্ষণত অনুষ্ঠিত কৰিছে বিশেষ অনুষ্ঠান। সেই মৰ্মে যোৱা ২২ ছেপ্তেম্বৰৰ আবেলি টেঙাখাত শাখা কবি সন্মিলনৰ উপদেষ্টা তথা প্ৰাক্তন সভানেত্ৰী ননী বৰুৱা গগৈৰ বাসগৃহত বিষয়ববীয়া, সদস্য-সদস্যা তথা অতিথিৰ উপস্থিতিত "চ'ৰাঘৰৰ কাব্যানুষ্ঠান" শীৰ্ষক এক মনোৰম অনুষ্ঠান অনুষ্ঠিত হয়।

Advertisment

এটি দিহানামেৰে শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানটি সঞ্চালনা কৰে সভানেত্ৰী অঞ্জলী চমুৱা ফুকনে আৰু আঁতধৰে প্ৰাক্তন সভানেত্ৰী ইলা গগৈ চুতীয়াই। অনুষ্ঠানত বিশিষ্ট কবি সাহিত্যিক ফুলনী ফুকন, শিক্ষক-কবি ৰাজীব কোঁৱৰ, গৌৰিত গগৈ, সাংবাদিক জয়ন্ত শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ইলা গগৈ চুতীয়া, কবি সংগঠক ননী বৰুৱা গগৈ, শিক্ষয়িত্ৰী তথা সাংস্কৃতিক কৰ্মী কল্পনা বৰুৱা,শিল্পী মন্দিৰা ফুকন আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী-কবি সংগঠক অঞ্জলী চমুৱা ফুকনে কবিতা পাঠ কৰি কাব্যিক পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে কল্পনা বৰুৱা আৰু মন্দিৰা ফুকনে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

অনুষ্ঠানত সাংবাদিক নৱ কুমাৰ গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানটোত টেঙাখাত প্ৰছ ক্লাবৰ সভাপতি দীপক গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা কবি ৰত্নাৱলী গগৈ বড়া আদিৰ লগতে বহু সভ্য সভ্যা শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে। উক্ত অনুষ্ঠান সামৰি সভানেত্ৰী অঞ্জলী চমুৱা ফুকন আৰু সম্পাদক বলিত ফুকনে পৰৱৰ্তী এনে অনুষ্ঠানৰ সম্পৰ্কে ঘোষনা কৰে ।

Also Read: দুৰ্নীতিয়ে শিপাইছে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়তঃ ৰাজ্যপালক সাক্ষাৎ শিক্ষক সংস্থাৰ

assamese poem