দুৰ্নীতিয়ে শিপাইছে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়তঃ ৰাজ্যপালক সাক্ষাৎ শিক্ষক সংস্থাৰ

দুৰ্নীতিয়ে শিপাইছে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়তঃ ৰাজ্যপালক সাক্ষাৎ শিক্ষক সংস্থাৰ

ডিজিটেল সংবাদ,নগাঁও: হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত সংঘটিত কেবাটাও দুৰ্নীতিৰ অভিযোগ তুলি ১১ দফীয়া দাবী-চনদসহ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াক সাক্ষাৎ কৰিলে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় শিক্ষক সংস্থাই৷ ২২ ছেপ্টেম্বৰত বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি জি এন শৰ্মা আৰু সাধাৰণ সম্পাদক ডঃ এন আই বৰভূঞাসহ এটা সঁজাতি দলে ৰাজভৱনত সাক্ষাৎ কৰে ৰাজ্যপাল গৰাকীক৷

বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সঁজাতি দলটোৱে ৰাজ্যপাল তথা আচাৰ্যগৰাকীক সাক্ষাৎ কৰি এক সৌহাৰ্দপূৰ্ণ পৰিৱেশত বিশ্ববিদ্যালয়খনত শেহতীয়াভাৱে সংঘটিত কেবাটাও দুৰ্নীতি-অনিয়মৰ অভিযোগ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ ৰাজ্যপালক দিয়া স্মাৰক পত্ৰখনত বিশ্ববিদ্যালয়খনত উপ-পঞ্জীয়ক আৰু উপ-পৰীক্ষা নিয়ন্ত্ৰকৰ অবৈধ নিযুক্তি হোৱা বুলি দাবী কৰিছে৷

একেদৰে বাংলা বিভাগত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত পদত নীতি উলংঘা কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়া, বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম উলংঘা কৰি বিশ্ববিদ্যালয়খনত দুগৰাকী সহযোগী অধ্যাপক আৰু এগৰাকী অধ্যাপকক অবৈধ ৰূপে নিযুক্তি দিয়া হৈছে। একেদৰে বিশ্ববিদ্যালয়খনত হিন্দী বিভাগৰ সহযোগী অধ্যাপক পদৰ নিযুক্তিৰ সাক্ষাৎকাৰ অবৈধভাৱে বাতিল কৰা হৈছে বুলি স্মাৰকপত্ৰত উল্লেখ কৰা হয়৷

পিএইচডিৰ গাইডশ্বিপ প্ৰদানৰ ক্ষেত্ৰত অনিয়ম, বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ কাৰ্যকৰী পৰিষদৰ সভাত ৬ টা পদ নিযুক্তিৰ অনুমোদনৰ বিষয়টো একাংশ সদস্যৰ আলোচনা আৰু পুনৰীক্ষণৰ দাবীক সভাপতিৰ অস্বীকাৰ কৰা, বাচনি সমিতিৰ প্ৰতিবেদনক উপেক্ষা কৰি নিযুক্তিৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া সমাপ্ত কৰা, বিশ্ববিদ্যালয়খনৰ ক্ৰয় সমিতিৰ অনুমোদন নোহোৱাকৈ বিভিন্ন সামগ্রী ক্রয় কৰা বুলিও স্মাৰক পত্ৰখনত উল্লেখ কৰা হয়৷ একেদৰে বিশ্ববিদ্যালয়খনত চৰকাৰে ডিজিটেল লাইব্ৰেৰী স্থাপনৰ নামত ৬১ লাখ টকা আৱন্টন দিছিল যদিও বাস্তৱত ডিজিটেল লাইব্ৰেৰীৰ কোনো অস্তিত্ব নাই৷

উল্লেখ্যনীয় যে, বিশ্ববিদ্যালয়খনত মানচিত্ৰ পাল নামৰ পশ্চিমবংগৰ এগৰাকী প্ৰাৰ্থীক অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ অ'বিচিৰ বাবে থকা সংৰক্ষিত আসনত বাংলা বিভাগৰ সহকাৰী অধ্যাপক ৰূপে নিযুক্তি দিয়া বুলি অভিযোগ উঠিছে৷ মানচিত্ৰ পালৰ ঘৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত৷ ২০২৩ চনৰ ভোটাৰ তালিকা অনুসৰি মানচিত্ৰ পালৰ নাম পশ্চিমবংগৰ কুমাৰগ্ৰাম বিধানসভা সমষ্টিৰ ২ নং সাধন সৌপথী (উত্তৰ-পূৱ)ত ক্ৰমিন নং ৭৪৬ আৰু ঘৰ নং ২০৩ত সন্নিবিষ্ট হৈ আছে৷ একেগৰাকী ব্যক্তিয়ে পূৰ্বে লংকা মহাবিদ্যালয়ত বাংলা বিভাগৰ সহকাৰী অধ্যাপক পদৰ বাবে নিযুক্তি পাইছিল যদিও চুবুৰীয়া ৰাজ্যৰ অ'বিচি হোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ডব্লিউপিচি ১০২৬/২০২০ নম্বৰ গোচৰত বহিঃৰাজ্যৰ ব্যক্তিয়ে অসমৰ অ'বিচিৰি বাবে সংৰক্ষিত আসনৰ সুবিধা লব নোৱাৰিব বুলি স্পষ্ট নিৰ্দেশনা দিছিল৷

তেনে নিৰ্দেশনাক আওকান কৰি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত বহিঃৰাজ্যৰ প্ৰাৰ্থীক অ'বিচি কোঠাত নিযুক্তি দিয়াত অসমৰ যোগ্য প্ৰাৰ্থী বঞ্চিত হৈছে। উক্ত পদসমূহত ইউজিচিৰ নিয়ম ভংগৰ লগতে বিশেষ স্ক্ৰিনিং সমিতিয়ে অযোগ্য ঘোষণা কৰা প্ৰাৰ্থীক নিযুক্তি দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ নৱগঠিত বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰত বহুকেইটা চৰকাৰী আঁচনিৰ পুঁজি ব্যৱহাৰত অনিয়মৰ অভিযোগ উত্থাপন হৈছে৷

বিশ্ববিদ্যালয়খনৰ ডিজিটেল লাইব্ৰেৰীৰ নামত আৱণ্টিত ৬১ লাখ টকা আত্মসাতৰ অভিযোগ চৰকাৰী অডিট ৰিপৰ্টত পোহৰলৈ অহা বুলি অভিযোগ উঠিছে৷ কাৰণ বিশ্ববিদ্যালয়খনত নাই কোনো ডিজিটেল লাইব্ৰেৰীৰ অস্তিত্ব৷ স্থানীয় ৰাইজে বিশ্ববিদ্যালয়খনত সদ্য নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ লগতে অন্যান্য নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰো সকলো নথিপত্ৰৰ পুংখানুপুংখ পৰীক্ষাৰ বাবে উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী কৰিছে।

বিশ্ববিদ্যালয়খনৰ শিক্ষক সংস্থাই ন্যায়িক তদন্তৰ দাবীত যোৱা ১৪ চেপ্টেম্বৰৰ পৰা পাঠদানত কোনো ব্যাঘাত নকৰাকৈ শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছে৷ শনিবাৰেও অব্যাহত আছে এই ধৰ্মঘট৷ বিশ্ববিদ্যালয়খনত বিৰাজ কৰা এই অচলাৱস্থাৰ বিৰুদ্ধে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য গোলাব চান্দ কাটাৰিয়াই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ'ব লক্ষণীয়৷

দুৰ্নীতিয়ে শিপাইছে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়তঃ ৰাজ্যপালক সাক্ষাৎ শিক্ষক সংস্থাৰ
বটদ্ৰৱা থানৰ নৱনিৰ্মিত ভৱন উন্মোচন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in