লামডিং হত্যাকাণ্ডৰ এগৰাকী অভিযুক্তক আটক আৰক্ষীৰ

লামডিং হত্যাকাণ্ডৰ এগৰাকী অভিযুক্তক আটক আৰক্ষীৰ

ডিজিটেল সংবাদ, লামডিংঃ বিশ্বকৰ্মা পূজাৰ প্ৰাক মুহূৰ্তত লামডিঙত সংঘটিত হৈছিল এক জঘন্য হত্যকাণ্ডৰ ঘটনা। ঘটনাৰে জড়িত থকাৰ অভিযোগত লামডিং আৰক্ষীয়ে আটক কৰিছে সুৰেন্দ্ৰ সাহানী নামৰ এজন লোকক। উল্লেখ্য যে, এই ঘটনাত লামডিঙৰ অমৰ দে নামৰ এজন লোকে মৃত্যুক আঁকোৱালি লয়।

ঘটনাৰ বিৱৰণি অনুসৰি শনিবাৰে নিশা লামডিং ৰে'ল ষ্টেচনৰ চৌহদত দুৰ্বৃত্তই ৰডেৰে মৰিয়াই মাৰিয়াই অমৰ দেক হত্যাৰ অপচেষ্টা চলাইছিল। কেৱল হত্যাৰ চেষ্টাই নহয় দুৰ্বৃত্তই ব্যক্তিজনক আক্ৰমণ কৰি সোণৰ চেইন, আঙুঠি, নগদ ধন কাঢ়ি নিয়াৰ অভিযোগো উত্থাপিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত অতি সংকটজনক অৱস্থাত গুৱাহাটী মেট্ৰো হাস্পতালত ভৰ্তি কৰোৱা হয় ভুক্তভুগী অমৰ দেক ৷

পিছে সোমবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় অমৰ দেয়ে আৰু মঙলবাৰে পুৱাৰ ভাগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰা হয় ভুক্তভুগীগৰাকীৰ মৃতদেহ।

ইয়াৰ পাছতেই ঘটনা সন্দৰ্ভত সুৰেন্দ্ৰ সাহানি নামৰ এজন ব্যক্তিক আটক কৰে ৰে'ল আৰক্ষীয়ে ৷ উল্লেখ্য যে পৰিয়ালৰ লোকে সুৰেন্দ্ৰ সাহানি নামৰ ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৰে'ল আৰক্ষী থানাত ৷ লামডিং ৰে'ল আৰক্ষীয়ে সুৰেন্দ্ৰ সাহানীক আটক কৰি ১২৫/২৩ নম্বৰ গোচৰৰ ভিত্তিত আৰু আইপিচি ৩৯২/৩২৫/৩০৭ৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ইপিনে বৰ্তমানলৈ স্পষ্ট হোৱা নাই কি কাৰণত অমৰ দেক হত্যা কৰিলে দুৰ্বৃত্তই।

লামডিং হত্যাকাণ্ডৰ এগৰাকী অভিযুক্তক আটক আৰক্ষীৰ
জোনাইত বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই অসুস্থ প্ৰায় ৭২ জন লোক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in