/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/fec56343-3dbe-432e-9492-40cea2af097e/2.jpg)
ডিজিটেল ডেস্কঃ লাওখোৱা অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিল, খাল, জলাশয় সমূহত বিচৰণ কৰি থকা দুষ্প্ৰাপ্য পৰিভ্ৰমী চৰাইৰ চোৰাং চিকাৰত ব্যস্ত চোৰাং চিকাৰীৰ বিৰুদ্ধে এইবাৰ বন বিভাগ নহয় জুৰীয়া আৰক্ষীয়ে চলাইছে অভিযান। আৰক্ষীয়ে চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰিলে বনৰীয়া চৰাই।
উল্লেখয়োগ্য যে জুৰীয়া আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা উদ্ধাৰ কৰিলে তিনিটা বনৰীয়া দুষ্প্ৰাপ্য চৰাই। চোৰাং চিকাৰীয়ে ফান্দ পাতি চিকাৰ কৰি থকা সময়ত জুৰীয়া আৰক্ষীৰ টহলদাৰি দলক দেখি পলায়ন কৰে চোৰাং চিকাৰীয়ে। আৰক্ষীয়ে চোৰাং চিকাৰী খেদি যায় যদিও আটক কৰিবলৈ সক্ষম নহ'ল।
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পিঞ্জৰাত আবদ্ধ দুটা ডাউক চৰাই আৰু এটা কাম চৰাই উদ্ধাৰ কৰে। বৃহস্পতিবাৰে জুৰীয়া আৰক্ষীয়ে লাওখোৱা-বুঢ়াচাপৰিৰ বন বিভাগৰ এটি দলক চৰাই তিনিটা চমজাই দিয়ে। সাম্প্ৰতিক বন বিভাগে চৰাই কেইটাক লাওখোৱা-বুঢ়াচাপৰিৰ অভয়াৰণ্যত মুকলি কৰি দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us