উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পল্টন বজাৰ থানাত

বৃহস্পতিবাৰে নিশা পল্টন বজাৰ থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । সমগ্ৰ থানা ঘেৰাও কৰিলে চলাপাৰা অঞ্চলৰ স্থানীয় বাসিন্দাই ।

author-image
Asomiya Pratidin
New Update
উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পল্টন বজাৰ থানাত

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা পল্টন বজাৰ থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । সমগ্ৰ থানা ঘেৰাও কৰিলে চলাপাৰা অঞ্চলৰ স্থানীয় বাসিন্দাই ।

Advertisment

সৰস্বতী পূজাৰ নিশা চলাপাৰাৰ এটা কমপ্লেস্কত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা ।কমপ্লেস্কটোত বাসিন্দাই উদযাপন কৰিছিল সৰস্বতী পূজা । পূজা অনুষ্ঠানতে নিশা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিল বাসিন্দাসকলে ।

সেই কমপ্লেস্কটোতে ভাৰাতীয়া হিচাপে আছিল চিআইডিৰ কেইবাগৰাকী বিষয়া। নিশা দেৰিলৈকে সংগীতানুষ্ঠান চলি থকা কাৰ্য্যক বাধা দিছিল বিষয়াকেইগৰাকীয়ে। ইয়াৰ পৰাই ঘটনাৰ সূত্ৰপাত হয়।

চিআইডি বিষয়াকেইজনে কমপ্লেস্কৰ স্থানীয় বাসিন্দাসকলক মাৰধৰ কৰাৰ অভিযোগ তৰিছে বাসিন্দাসকলে। CID ৰ বিষয়া কেইজনে ভয় ভাবুকি দিয়াৰ অভিযোগ লোক সকলৰ ।

এই ঘটনা সন্দৰ্ভত চিআইডি ৰ বিষয়া কেইজনে পলটন বজাৰ থানাত এজাহাৰ দাখিল কৰে।এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুজনক আটক কৰে। লোক দুজনক আটক কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে অঞ্চলৰ লোকসকলে ।

আনহাতে সেই একেই ঘটনা সন্দৰ্ভত CID বিষয়া কেইগৰাকীৰ বিৰুদ্ধে পল্টন বজাৰ থানাত এজাহাৰ দিছিল লোকসকলে । কিন্তু এজাহাৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে কমপ্লেস্কটোৰ বাসিন্দাসকলে।

টাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিআইডিৰ বিষয়াকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান সাথানীয় বাসিন্দাসকলৰ। বিষয়াকেইজনক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত থানা এৰি নোযোৱাৰ হুংকাৰ লোকসকলৰ । সেইলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পল্টন বজাৰ থানাত।

Also Read: নিষিদ্ধ দ্ৰব্যৰ বিৰুদ্ধে বৃহৎ অভিযান

paltanbazar Police Station