/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/manas.png)
ডিজিটেল সংবাদ, বাক্সা: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাহিতামা বীটৰ অধীনৰ কাঠপুৰাৰ পৰা মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বনকৰ্মীৰ দলে এটা চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন চোৰাং চিকাৰীটোৰ নাম নিৰন নাথ ৷
চোৰাং চিকাৰীটোৰ জিম্মাৰ পৰা বনকৰ্মীৰ দলটোৱে এটা কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দৰ্ভত মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বনবিষয়া বাবুল ব্ৰহ্মই জানিব দিয়া মতে এক গোপন খবৰৰ ভিত্তিত মানাহৰ কাহিতামা বীটত বনকৰ্মীৰ দলে এটা জীৱিত কাছসহ হাতে লোটে আটক কৰিবলৈ সক্ষম হয় এটা চোৰাং চিকাৰীক৷
নিৰন নাথ নামৰ ধৃত চোৰাং চিকাৰীটোৰ ঘৰ বাগসাৰ লাৱদাংগুৰি আৰক্ষী চকীৰ অন্তৰ্গত লাৱদাংগুৰি গাঁৱত ৷ বনবিষয়া গৰাকীয়ে সদৰি কৰামতে ধৃত চোৰাং চিকাৰীটো পূৰ্বৰেপৰা এইবোৰ কাণ্ডত জড়িত আছিল ৷ ২০০৮ চনত তেওঁ এবাৰ বনবিভাগৰ ওচৰত আত্মসমৰ্পণো কৰিছিল ৷ কিন্তু তাৰ পিছত পুনৰাই চোৰাং চিকাৰৰ সতে জড়িত হৈ পৰিছিল নিৰন নাথে৷
আৰু পঢ়ক: জাগীৰোডত জব্দ প্রায় ৫ কোটি টকাৰ ড্রাগছ…