কাজলগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ১১,২৪৮ গৰাকীলৈ পুঁজি প্ৰদান...

কাজলগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ১১,২৪৮ গৰাকীলৈ পুঁজি প্ৰদান...
কাজলগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ১১,২৪৮ গৰাকীলৈ পুঁজি প্ৰদান...

ডিজিটেল সংবাদ চিৰাং: সমগ্র ৰাজ্যৰ লগতে আজি চিৰাং জিলা সদৰ কাজলগাঁৱতো প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত হিতাধিকাৰীলৈ পুঁজি প্ৰদান কৰা হয় । চিৰাং জিলা গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত হিতাধিকাৰীলৈ পুঁজি বিতৰণী সভা অনুষ্ঠিত হয় ।

এই সভাত ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী মুখ্য অতিথি ৰূপে উপস্থিত থাকি চিৰাং জিলাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ মাজত পুঁজিৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিক ভাৱে বিতৰণ কৰে । ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে তেখেতৰ ভাষণত কয় যে, দেশৰ দুখীয়া, দৰিদ্ৰ লোকসকলক সপোনৰ ঘৰ এটা নিৰ্মাণ কৰি দিবলৈ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰম্ভ কৰিছিল।

এইবেলি চিৰাং জিলাৰ অন্তৰ্গত চিদলী উন্নয়ন খণ্ড, বড়োবাজাৰ উন্নয়ন খণ্ড আৰু মাণিকপুৰ উন্নয়ন খণ্ডৰ কিছু অংশ সামৰি মুঠ ১১,২৪৮ গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৱাস প্লাচ গৃহ প্ৰদান কৰা হ'ব বুলি ভাষণত উল্লেখ কৰে আৰু বিশেষকৈ দৰিদ্ৰ লোকসকল লাভান্বিত হ'ব পৰাকৈ এই আচঁনি ৰূপায়নৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ দালাল চক্ৰই স্থান নাপায় তাৰ বাবে হিতাধিকাৰীসকলৰ লগতে সংশ্লিষ্ট বিভাগক সজাগ হৈ থাকিবলৈ আহ্বান জনায় ।

প্ৰয়োজনত খণ্ড উন্নয়ন বিষয়া (বি ডি অ'), জিলা গ্ৰামোন্নয়ন প্ৰকল্প সঞ্চালক (পি ডি), নাইবা জিলা উপায়ুক্তক লগ ধৰি অভিযোগ দিয়াৰ কথা ভাষণত উল্লেখ কৰে । আজি চিৰাঙৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ পুঁজি বিতৰণ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীৰ উপৰিও চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভাৰ উপৰিও চিৰাং জিলাৰ বিভিন্ন জিলাৰ খনৰ বিভিন্ন গ্ৰামাঞ্চলৰ পৰা অহা তিনি শতাধিক হিতাধিকাৰী উপস্থিত থাকে ।

আজিৰ এই অনুষ্ঠানতে গুৱাহাটীৰ শঙ্কৰদেৱ কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীলৈ পুঁজি বিতৰণ কৰা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।

কাজলগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ১১,২৪৮ গৰাকীলৈ পুঁজি প্ৰদান...
প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক ( টিউটৰ) সন্থাৰ প্ৰতিবাদ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in