এইবাৰ বিহুত বিহুৰ বাবে নহয়, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নৰেন্দ্ৰ মোডী...

নলবাৰীত ১৭ এপ্ৰিলত বিশাল নিৰ্বাচনী সভা

author-image
Asomiya Pratidin
New Update
এইবাৰ বিহুত বিহুৰ বাবে নহয়, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নৰেন্দ্ৰ মোডী...

এইবাৰ বিহুত বিহুৰ বাবে নহয়, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নৰেন্দ্ৰ মোডী...

ডিজিটেল ডেস্কঃ ৰঙালী বিহুৰ মাজতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ এপ্ৰিলত অসমত আহি উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীত তেওঁ সম্বোধন কৰিব এখন নিৰ্বাচনী সভা।

Advertisment

উল্লেখ্য যে, বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। উল্লেখ্যে বৰপেটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৭ মে'ত।

ইফালে মোডীৰ ১৭ এপ্ৰিলৰ নিৰ্বাচনী সভাৰ পাছতে ১৯ এপ্ৰিলত শোণিতপুৰ, কাজিৰঙা, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। সেয়ে নলবাৰীৰ এই নিৰ্বাচনী সভাই যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰভাৱ পেলাব সেয়া নিশ্চিত।

ইফালে এই নিৰ্বাচনী সভাৰ বাবে নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বৰকুৰাৰ কৃষি ভূমিত অনুষ্ঠিত হ'বলগীয়া এই সভাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে। স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সমগ্ৰ প্ৰস্তুতিৰ তদাৰক কৰিছে।

জানিব পৰা মতে এই সভাৰ বাবে বিশাল কৃষি ভূমিতেই নিৰ্মাণ কৰা হ'ব ৩ খনকৈ হেলিপেড। এই অস্থায়ী হেলিপেড নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব। সভাখনত ২ লাখ লোকৰ সমাগম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্যিক বিজেপিয়ে।

Also Read: জি এছ টি সংগ্ৰহ পূৰ্বতকৈ ১১.৫ শতাংশ বৃদ্ধি...

লোকসভা নিৰ্বাচন নৰেন্দ্ৰ মোডী বিজেপি