বিহুৰ বিশ্ব ৰেকৰ্ডৰ উপলক্ষে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী, সষ্টম আৰক্ষী প্ৰশাসন...

নৱনিযুক্ত পৰিবহণ আয়ুক্ত ড° ৰবীন কুমাৰে(আইপিএছ) শনিবাৰে পৰিবহণ আয়ুক্তৰ সভাগৃহত বিভাগৰ উচ্চপদস্থ বিষয়া সকলৰ উপস্থিতত এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়
পৰিবহণ আয়ুক্তৰ সভাগৃহত গুৰুত্বপূৰ্ণ সভা
পৰিবহণ আয়ুক্তৰ সভাগৃহত গুৰুত্বপূৰ্ণ সভা

ডিজিটেল সংবাদ, পলাশবাৰীঃ নৱনিযুক্ত পৰিবহণ আয়ুক্ত ড° ৰবীন কুমাৰে(আইপিএছ) শনিবাৰে পৰিবহণ আয়ুক্তৰ সভাগৃহত বিভাগৰ উচ্চপদস্থ বিষয়া সকলৰ উপস্থিতত এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয় ৷ বিহুৰ বিশ্ব ৰেকৰ্ডৰ উপলক্ষে ১৪ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনকলৈ যাতায়তৰ সময়ত যাতে কোনোধৰণৰ বিশৃংখলৰ সৃষ্টি নহ’য় তাৰ বাবে গ্ৰহণ কৰিবলগীয়া কাৰ্যব্যৱস্থা সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়।

ৰাজ্যৰ যুটীয়া পৰিবহণ আয়ুক্ত ৰুবুল তালুকদাৰ, সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, ভাস্কৰ দত্ত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু নৱনিযুক্ত জিলা পৰিবহণ বিষয়া লীয়েন হাজৰিকা, হীৰকজ্যোতি ডেকা, পূৰৱী কলিতাকে ধৰি প্ৰৱৰ্তক বিষয়া, যানবাহন পৰিদৰ্শকসকলৰ উপস্থিতিত অনুষ্ঠিত হয় সভাখনৰ ।

উক্ত সভাখনত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনৰ সময়চোৱাত পথচাৰীকে ধৰি সকলো যানবাহন ব্যৱহাৰকাৰীৰ বাবে শৃংখলাবদ্ধ আৰু সুৰক্ষিত যাতায়াত ব্যবস্থা বাহাল ৰখা সন্দৰ্ভত অধিক গুৰুত্ব প্ৰদানক আজিৰ সভাৰ মূল বিষয় । এই সন্দৰ্ভত পৰিবহণ বিষয়াসকলক যাতায়ত আৰু বাট-পথৰ নিৰ্দেশনাসমূহ মানি চলি প্ৰতিমুহূৰ্ততে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ নৱনিযুক্ত পৰিবহণ আয়ুক্ত গৰাকীয়ে আহ্বান জনায় ।

উল্লেখ্য যে অসমত প্ৰথমবাৰৰ বাবে বিশ্ব ৰেকৰ্ডৰ বাবে প্ৰায় ১১হাজাৰ বিহুৱা-বিহুৱতীয়ে একেলগে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বিহু পৰিবেশন কৰিব । অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ প্ৰদানমন্ত্ৰীগৰাকী । এইলৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰষাশন বিভাগ ।

পৰিবহণ আয়ুক্তৰ সভাগৃহত গুৰুত্বপূৰ্ণ সভা
দুমুনিচকীত প্ৰহসনত পৰিণত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in