প্ৰহসনত পৰিণত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি...

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি চমুকৈ এম জি এনৰেগা সম্প্ৰতি প্ৰহসনত পৰিণত হৈছে । চলিত বিত্তীয় বৰ্ষৰ শেষলৈ, অৰ্থাত বৰ্তমান সময়লৈ ৰাজ্যৰ অধিকাংশ উন্নয়ন খণ্ডৰ লগতে কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায়বোৰ পঞ্চায়তত এম জি এনৰেগা আঁচনিৰ অধীনত ৰূপায়ন কৰা এটা কামো সম্পূৰ্ণ কৰিবলৈ সক্ষম নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে
 মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি

ডিজিটেল সংবাদ, দুমুনিচকীঃ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি চমুকৈ এম জি এনৰেগা সম্প্ৰতি প্ৰহসনত পৰিণত হৈছে । চলিত বিত্তীয় বৰ্ষৰ শেষলৈ, অৰ্থাত বৰ্তমান সময়লৈ ৰাজ্যৰ অধিকাংশ উন্নয়ন খণ্ডৰ লগতে কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায়বোৰ পঞ্চায়তত এম জি এনৰেগা আঁচনিৰ অধীনত ৰূপায়ন কৰা এটা কামো সম্পূৰ্ণ কৰিবলৈ সক্ষম নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ বাবদ আৱন্টিত ধন প্ৰদানৰ ক্ষেত্ৰত বিভাগীয় ভেঁকোভাওনাই ইয়াৰ মূল কাৰণ বুলি মত পোষণ কৰিছে পঞ্চায়তবাসী সচেতন ৰাইজে । বিষয় সন্দৰ্ভত প্ৰাপ্ত তথ্য আৰু স্থানীয় লোকৰ ভাষ্য অনুসৰি এম জি এনৰেগাৰ আঁচনি ৰূপায়নত বিভাগীয় নিয়ম অনুসৰি জৱকাৰ্ডৰ শ্ৰমিকক দৈনিক হিচাপত দিব লগীয়া পাৰিশ্ৰমিকৰ পৰিমাণ তেনেই ন্যূনতম হোৱা বাবে উক্ত আঁচনি ৰূপায়নৰ কামত জৱকাৰ্ডৰ শ্ৰমিকে শ্ৰমদান কৰাৰ পৰা বিৰত থাকি আহিছে ।

এম জি এনৰেগা
এম জি এনৰেগা

উল্লেখযোগ্য যে বিভাগীয় নিয়ম অনুসৰি এম জি এনৰেগাৰ অধীনৰ আঁচনি ৰূপায়নৰ কামত জৱকাৰ্ডৰ শ্ৰমিকক নিয়োগ কৰি তাৰ বিনিময়ত এজন শ্ৰমিকক দৈনিক ২২৯ টকা পাৰিশ্ৰমিক প্ৰদান কৰিব লাগে । যিটো পৰিমাণ বৰ্তমান সময়ৰ দিন হাজিৰাৰ পৰিমাণৰ আধাতকৈও কম । ফলত আঁচনি ৰূপায়নৰ কামত জৱকাৰ্ড থকা শ্ৰমিকে শ্ৰমদান কৰাৰ পৰা স্বাভাৱিক ভাবেই বিৰত থাকিছে । ফলত পঞ্চায়ত প্ৰতিনিধিয়ে টেক্টৰ অথবা এক্সকেভেটৰ আদি ব্যৱহাৰ কৰি আঁচনি ৰূপায়নৰ কাম চলাই আছে।

এম জি এনৰেগাৰ আঁচনি ৰূপায়নত টেক্টৰ অথবা এক্সকেভেটৰ আদি ব্যৱহাৰৰ বিষয়ে পঞ্চায়তৰ সাধাৰণ লোকৰ পৰা ৰাজ্যখনৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ বিষয়া কৰ্মচাৰীও জ্ঞাত । কিন্তু ইয়াৰ পিছতো আঁচনিৰ বাবদ আৱন্টিত ধন প্ৰদান কৰাৰ ক্ষেত্ৰত বিভাগীয় নিয়ম পালন কৰা দেখুৱাবলৈ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে এক ভেঁকোভাওনাৰ সৃষ্টি কৰিছে । সেই মৰ্মে গাওঁ পঞ্চায়ত প্ৰতিনিধি তথা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে আঁচনি ৰূপায়নৰ কামত জৱকাৰ্ডৰ শ্ৰমিকক নিয়োগ কৰি শ্ৰমদান কৰা দেখুৱাবলৈ নিৰ্মীয়মান আঁচনিৰ সমীপত বাস কৰা পুৰুষ মহিলাকে ধৰি প্ৰায় ৩০/৪০ জন লোকক একগোট কৰি পঞ্চায়তৰ গ্ৰাম-ৰোজগাৰ সহায়কৰ জৰিয়তে পুৱা অথবা বিয়লি এখনকৈ ফটো সংগ্ৰহ কৰে ।

এম জি এনৰেগা
এম জি এনৰেগা

ফটো সংগ্ৰহ কৰাৰ পিছতে একগোট কৰা লোক সকলে নিজৰ নিজৰ ঘৰলৈ ৰাওনা হয় যদিও জৱকাৰ্ডৰ শ্ৰমিকে শ্ৰমদান কৰি থকা বুলি প্ৰতিপন্ন কৰাৰ বাবে উক্ত ফটো সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে । কেৱল বিভাগীয় নিয়ম পালন কৰা দেখুৱাবলৈ সংঘটিত কৰা উক্ত কাৰ্য্যক এক নাটকীয় তথা হাস্যকৰ বুলি মত পোষণ কৰিছে সচেতন মহলে । কেৱল এয়াই নহয় আনকি জৱকাৰ্ডৰ শ্ৰমিকে শ্ৰমদান কৰাৰ পৰা বিৰত থাকাৰ পিছতো আঁচনিৰ বাবদ আৱন্টিত ধন প্ৰদান কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ নকৰি দৈনিক ২২৯ টকা পাৰিশ্ৰমিক ধাৰ্য্য কৰি জৱকাৰ্ডৰ মাধ্যমেৰে প্ৰদান কৰি আহিছে ।

আনহাতে গাওঁ পঞ্চায়ত প্ৰতিনিধিয়ে পুৰ্বে প্ৰস্তুত কৰি ৰখা জৱকাৰ্ডৰ জৰিয়তে আবন্টিত ধন সংগ্ৰহ কৰি আঁচনি ৰূপায়নৰ কামত ব্যৱহাৰ কৰে । কেৱল মাত্ৰ নিয়ম পালনৰ নামত আৱন্টিত ধন এনেদৰে জৱকাৰ্ডৰ মাধ্যমেৰে কেইবা কিস্তিত প্ৰদান কৰি দীঘলীয়া সময় অপচয় কৰি আহিছে । যাৰ বাবে আঁচনি ৰূপায়নৰ কাম নিৰ্ধাৰিত সময়ৰ পৰিবৰ্তে তিনি চাৰি বছৰ ধৰি শামুকীয়া গতিৰে চলাই থাকিব লগীয়া হৈছে।

প্ৰায়বোৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি ৰূপায়নৰ কাম অসম্পূৰ্ণ হৈ থকাৰ ফলত ভুক্তভোগ কৰিব লগীয়া হৈছে স্থানীয় পঞ্চায়তবাসী ৰাইজে । এম জি এনৰেগা আঁচনি ৰূপায়নৰ কাম নিৰ্ধাৰিত সময়ত সম্পন্ন কৰাৰ বাবে গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগক আবন্টিত ধন প্ৰদানৰ ক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে পঞ্চায়তৰ ভুক্তভোগী ৰাইজে ।

 মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি
বিজেপিক ক্ষুৰধাৰ সমালোচনাৰে ধেমাজিত কংগ্ৰেছৰ পথ সভা, ৰাষ্ট্ৰীয় ঘাইপথত সমদল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in