বনভোজৰ আৱৰ্জনাই ভাবুকি কঢ়িয়াইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ...

বনভোজৰ আৱৰ্জনাই ভাবুকি কঢ়িয়াইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ...

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাত বনভোজৰ আৱৰ্জনাই ভাবুকি কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া জনজীৱনলৈ ৷ কাৰ্বি আংলঙৰ অন্তৰ্গত কহঁৰাৰ হাতীপাথৰ বনভোজস্থলীৰ মাজেৰে বৈ অহা কহঁৰা নদীত পেলাই দিয়া বনভোজৰ আৱৰ্জনাই কলুষিত কৰিছে কহঁৰা নদীৰ পানী ৷

কাৰ্বি পাহাৰৰ পৰা বৈ অহা নদীখন বৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৷ কাৰ্বি আংলঙৰ হাতীপাথৰ বনভোজস্থলীত বনভোজৰ দলসমূহে নদীলৈ নিক্ষেপ কৰা প্লাষ্টিকৰ সামগ্ৰীয়ে নদীখনৰ লগতে দুয়োপাৰত কদৰ্যময় পৰিবেশৰ সৃষ্টি কৰিছে ৷ খৰালি নদীত জমা হৈ থকা আৱৰ্জনা বোৰ বাৰিষা নদীৰ কোবাল সোতত উটি পৰেগৈ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত ৷

এনেক্ষেত্ৰত নদীৰ পাৰত বসবাস কৰা লোকৰ লগত ৰাষ্ট্ৰীয় উদ্যানৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে প্লাষ্টিকৰ আৱৰ্জনাই ৷ বনভোজস্থলীৰ পৰিবেশ সুৰক্ষিত কৰি ৰখাৰ বাবে কাৰ্বি আংলং ভূমি সংৰক্ষণ বিভাগৰ লগতে আন চৰকাৰী বিভাগৰ দায়িত্ব থাকে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in