তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন; ভাষাৰ ওজাৰ সোঁৱৰণত গছপুলি ৰোপন

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত তাই সংস্কৃতি কেন্দ্ৰৰ পূৰ্ণাংগ অধিবেশন আৰু তাই সাংস্কৃতিক সমাৰোহ বুধবাৰৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে ।

author-image
Asomiya Pratidin
New Update
তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন; ভাষাৰ ওজাৰ সোঁৱৰণত  গছপুলি ৰোপন

ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত তাই সংস্কৃতি কেন্দ্ৰৰ পূৰ্ণাংগ অধিবেশন আৰু তাই সাংস্কৃতিক সমাৰোহ বুধবাৰৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে । এই উপলক্ষে ৪২ গৰাকী আহোম স্বৰ্গদেউৰ লগতে তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ ডামসকলৰ স্মৃতিত আজি পুৱাৰ ভাগত পৰিৱেশ সুৰক্ষা সমিতি, অসমে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত চৰ্চা কেন্দ্ৰৰ চৌহদত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে ।

Advertisment

গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েং আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই । পদ্মশ্ৰী যাদৱ পায়েঙে গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাইজক গছপুলি ৰোপণৰ লগতে প্ৰতিপালন কৰি চিৰসেউজ পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায় । ইফালে অধিৱেশনৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে তাই সংস্কৃতি চৰ্চ্চা কেন্দ্ৰৰ সভাপতি মনোজ কুমাৰ বৰাই । পতাকা উত্তোলনত সহযোগিতা আগবঢ়াই তাই উদযাপন সমিতিৰ সভাপতি নকুল কোঁৱৰে । মৈদাম তৰ্পণ কৰে তাই সংস্কৃতিৰ চৰ্চা কেন্দ্ৰৰ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰ আৰু উদযাপন সমিতিৰ সম্পাদক পুলক গগৈয়ে ।

অনুষ্ঠানত পদ্মশ্ৰী যাদৱ পায়েং আৰু পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাক তাই সংস্কৃতি চর্চা কেন্দ্ৰই একোখনকৈ তাই ফাচী, ফাৰো, স্বর্গেদেও চাওলুং ছ্যু-কা-ফাৰ এখন সোণালী প্ৰতিচ্ছবি আৰু সম্বৰ্ধনা পত্ৰৰে আদৰণি জনায় । এই কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি দিগন্ত ভট্ট, সংস্কৃতি বিভাগৰ মুখ্য সম্পাদক জিন্টু শইকীয়া, কেন্দ্ৰীয় সদস্য অপূৰ্ব দাস, জিলা উপ-সভাপতি জীৱন দত্ত, সম্পাদক ৰাজীৱ গগৈ, সহকাৰী সম্পাদক ডিব্ৰু গগৈ, প্ৰতিপালন সম্পাদক ৰাজু বৰ্মনৰ লগতে তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ, কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত প্ৰতিনিধি সভা আৰম্ভ হয় । কাইলৈ অধিৱেশনৰ দ্বিতীয় তথা অন্তিম দিনটোত পুৱাৰ ভাগত কেন্দ্ৰৰ চৌহদত নিৰ্মাণ কৰি উলিওৱা চাওল্যুং ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব ।

চৰ্চা কেন্দ্ৰৰ চৌহদত নিৰ্মাণ কৰা ১২ ফুট উচ্চতাৰ আহোম স্বৰ্গদেউজনাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । মনোজ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি আৰু বঁটা বিতৰণী সভাত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ লগত জড়িত জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্দ্ধনা জনোৱা হ'ব । সভাত মুখ্য অতিথি হিচাপে মন্ত্ৰী ৰণোজ পেগু, নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট বুৰঞ্জীবিদ তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° নিত্যানন্দ গগৈ, বিশিষ্ট অতিথি হিচাপে মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক ভাস্কৰ শৰ্মা, চুকাফা বঁটাপ্ৰাপক পদ্মশ্রী ড° যোগেন ফুকন, অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকাকতিকে মুখ্য কৰি জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকিব ।

সভাত অশ্বিনী কোঁৱৰৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'টিংৰাই' উন্মোচন কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই । নিশালৈ আয়োজিত তথা জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰৰ দ্বাৰা উদ্ধোধন হ'বলগা তাই সাংস্কৃতিক সমাৰোহত কেইবাটাও তাই জনগোষ্ঠীয় সাংস্কৃতিক দলে নৃত্য প্ৰদৰ্শন কৰাৰ লগতে কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰিব বুলি সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰে জানিবলৈ দিয়ে ।

আৰু পঢ়ক: ধৈৰ্যৰ আঁৰত আছে এখন সুন্দৰ পৃথিৱী...

assam tinsukia