/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/edc47beb-6984-4835-b92b-544e7db192c2/baksa.jpg)
গছপুলি ৰোপন
ডিজিটেল সংবাদ, তামুলপুৰঃ সেউজ পৰিৱেশ পুনৰ উদ্ধাৰৰ লক্ষ্যৰে আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি দৃষ্টি ৰাখি ভূটান-সীমান্তৰ গাঁওবাসীক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বাক্সা বন বিভাগে ৷ অহা ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বেই ভাৰত-ভূটান সীমান্তত ৫ হেক্টৰ ভূমিত ৰোপন কৰা হৈছে গছপুলি।
মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্য তথা মানস ব্যাঘ্ৰ প্ৰকল্পৰ পূব প্ৰান্তৰ বাক্সা জিলা বন প্ৰাধিকৰণৰ অন্তৰ্গত আৰু কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন ১ নং ডোঙাৰগাঁওত বৃহস্পতিবাৰে বাক্সা জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া পি কে ব্ৰহ্মই উপস্থিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1c5317af-a150-4f46-b26e-1d3276246e94/93df45e0_f126_46c5_b821_d845583d98b8.jpg)
স্থানীয় ৰাইজ, মানস চৌচি খংগুৰ ইকো ট্যুৰিজিয়াম ছচাইটিৰ বিষয়ববীয়া, গয়বাৰী ছয়পত্ৰী ফাউণ্ডেচন, ২৪ বাহিনী এছ এছ বিৰ দল আৰু বগৰিখুঁটি বন শিবিৰৰ বনকৰ্মী সকলৰ সৈতে গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিষয়াগৰাকীয়ে। গাঁওখনত বন বিভাগৰ দলটো উপস্থিত হোৱাৰ লগে লগে স্থানীয় কৃষ্টি দলে বন বিভাগৰ দলটোক পৰম্পৰাগতভাৱে আদৰণি জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/657ffbf1-d745-4152-9766-df55b133559c/38aea2d3_acd6_4544_a9cd_fab219cbcb71.jpg)
সীমান্তৰ শেষৰখন গাঁওত প্ৰায় ৫ হেক্টৰ ভূমিত ৰোপন কৰা গছপুলি সমূহৰ প্ৰতি স্থানীয় লোকক যত্ন ল'বলৈ আহ্বান জনাইছে বাক্সা জিলা বন সংমণ্ডল বিষয়াই । কুমাৰীকাটা আঞ্চলিক বন বিষয়া বীৰেন্দ্ৰ কুমাৰ বড়ো, স্থানীয় ভিচিডিচিৰ অধ্যক্ষ নিতাই ভৌমিক, ২ নং পূব কুমাৰিকাটা ভিচিডিচিৰ অধ্যক্ষ শংকৰ দাসসহ স্থানীয় গাঁওবাসীৰ উপস্থিতিত আজি দিনজোৰা গছপুলি ৰোপন কাৰ্যসূচীৰ পূৰ্বে এখন সজাগতা সভা অনুষ্ঠিত কৰে বন বিভাগৰ লোকসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3cff211e-32cd-4526-b5cc-cd10b8dc2bc0/b5478654_8d1f_43d4_b843_7e5a5f326547.jpg)
বন বিভাগৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গছপুলি ৰোপনৰ বাবে ওলাই আহিছে ৫ শতাধিকৰো অধিক পুৰুষ মহিলাই । লগতে অনাগত দিনত গছপুলিসমূহৰ যত্ন লোৱাৰ কথাও স্বীকাৰ কৰিছে অঞ্চলবাসীয়ে।
Also Read: ধেমাজিত ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰল ব্যুৰ'ৰ অভিযানত ৩ টাকৈ হাতী দাঁত উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ...