/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/00487960-1f43-43d8-adb9-c4e3b5a99de2/hati_dat.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰল ব্যুৰ' আৰু ধেমাজি বন বিভাগৰ যৌথ অভিযানত বুধবাৰে নিশা হাতে-লোটে ধৰা পৰে হাতী দাঁত বিক্ৰী কৰিবলৈ অনা ২ জন ব্যৱসায়ী । ধৃত লোক দুজনৰ পৰা ৩ টাকৈ হাতী দাঁত উদ্ধাৰ কৰা হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a21df2b5-88c0-492a-971f-2f07edd27c1c/67ad8d9c_c12c_4439_abb7_d10a7260e2d9.jpg)
ধেমাজি জিলাৰ ভগৱান চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে চিলাপথাৰৰ পূৰ্ণানন্দ য়েইন ওৰফে দিলু (৩৮) আৰু লক্ষীনাথ পাংগিং ৷ এই দুয়োজন লোকে হাতী দাঁত কেইটা বিক্ৰীৰ কৰিব বাবে অনা সময়তে হাতে-লোটে ধৰে ৱাইল্ডলাইফ ক্ৰাইম কন্ট্ৰল ব্যুৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c5e564af-470b-480e-9e86-5e375273d920/2900f5c8_cb96_4895_90f2_701840385536.jpg)
আটকাধীন দুয়োজনকে বৃহস্পতিবাৰে বন বিভাগে হাতী দাঁতৰ ব্যৱসায়ৰ বিষয়কলৈ সোধা পোছা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে তিনিওটা হাতী দাঁতৰ ওজন ২০ কেজিতকৈও অধিক হ'ব ৷
Also Read: এইসমূহ ঘৰুৱা উপায়ৰে কৰক চিকচিকিয়া কৰক ক’লা কাষলতি তল