জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপন কাৰ্যসূচী

জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপন কাৰ্যসূচী

author-image
asomiyapratidin
New Update
জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপন  কাৰ্যসূচী

ডিজিটেল সংবাদ, তিনিচুকীয়া: – জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সোমবাৰে ইয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় । এই উপলক্ষ্যে পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ উদ্যোগত ৰূপায়ন কৰি অহা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপন, বিতৰণ, সংৰক্ষণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

Advertisment

পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই উপস্থিত থকা গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃৰ্তী শিক্ষাৰ্থী চেৰী গোহাঁই আৰু নিখিল গুপ্তাই । অনুষ্ঠানত ঋতুৰাজ বৰুৱাই প্ৰকৃতি সংৰক্ষণৰ হেতু কৰি অহা কৰ্মৰাজিৰ স্বীকৃতিস্বৰূপে ইউনিয়নৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় । দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে ইউনিয়নৰ জিলা সভাপতি সীমান্ত চেতিয়াই ।

সাধাৰণ সম্পাদক মনোৰঞ্জন মৰাণে আঁত ধৰা সভাত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক উপ-সভাপতি ৰূপম কাকতিয়ে বৰ্তমান সংবাদ মাধ্যম আৰু সাংবাদিকতালৈ নামি অহা সংকট, সমস্যা আৰু অপশক্তিৰ বিৰুদ্ধে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনায় । সভাত বুৰঞ্জীবিদ, লেখক শ্ৰীকুমাৰ দহোটীয়াই বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি সাংবাদিকসকলক ভিতৰুৱা গাঁৱলৈ গৈ বাতৰি সংগ্ৰহ কৰিবলৈ আহ্বান জনায় ।

তেওঁ প্ৰসঙ্গক্ৰমে টঙনা হাইস্কুলৰ শিক্ষাৰ পৰিৱেশ নিম্নগামী হোৱা বিষয় উল্লেখ কৰি টঙনালৈ প্ৰশাসনীয় বিষয়া, শিক্ষা বিভাগৰ বৰমূৰীয়া আৰু সাংবাদিক নাযায় বুলি আক্ষেপ প্ৰকাশ কৰে । সভাত সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ত্ৰিদিৱ শৰ্মা তামুলীয়ে ছপা মাধ্যমৰ বিকল্প ইলেক্ট্ৰনিক মাধ্যম নহয় বুলি উল্লেক কৰি জাৰ্ণেলিষ্ট ইউনিয়নে তিনিচুকীয়া জিলাত নতুন চিন্তাৰ উদ্ৰেগ ঘটাইছে বুলি ইউনিয়নৰ কাম- কাজক প্ৰশংসা কৰে ।

তিনিচুকীয়া বাতৰি কাকত বিতৰক সন্থাৰ সভাপতি বিধান চন্দ্ৰ দাসে জাৰ্ণেলিষ্ট ইউনিয়নে সমাজত বটবৃক্ষৰ দৰে কাম কৰিছে বুলি উল্লেখ কৰে । সভাত জ্যেষ্ঠ সাংবাদিক মহম্মদ হুছেইন খান, ৰূপহ চলিহা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণ, জিলা ছাত্ৰ সন্থাৰ সত্যজিৎ গোঁহাই প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়াই । প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে মাইনু মৰাণ আৰু প্ৰেমানন্দ দাসৰ সম্পাদনাত প্ৰকাশিত স্মাৰক গ্ৰন্থ 'স্তম্ভ' উন্মোচন কৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকীয়ে ।

সভাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত প্ৰথম স্থান দখল কৰা চেৰী গোহাঁই আৰু বাণিজ্য শাখাত তৃতীয় স্থান দখল কৰা নিখিল গুপ্তা, বিশিষ্ট ক্রীড়াবিদ শংকৰ গুপ্তা, যোগেন দহোতীয়া, বিশিষ্ট লেখক শ্ৰীকুমাৰ দহোতীয়া, সাহিত্যিক পেঞ্চনাৰ ৰূপেশ্বৰী গোহাঁই ডাঙৰীয়া, কবি অৰুণজ্যোতি তাঁতী, বিশিষ্ট সংগীত শিল্পী কামিনী কুমাৰ গোহাঁই, ৰাজীৱ শদিয়া, বিশিষ্ট চিকিৎসক ডাঃ ৰমেশ আগৰৱালা, বিশিষ্ট সমাজসেৱক-গৱেষক সতীশ খৈতান, বিশিষ্ট চিত্ৰশিল্পী মনজিত কাশ্যপ, জিলা জনসংযোগ বিষয়া মামুন বৰকটকীক গামোচা, সম্বৰ্ধনা পত্ৰ, স্মাৰক, গ্ৰন্থ আদিৰে সম্বৰ্ধনা জনোৱা হয়।

আনহাতে, সংগঠনৰ কৰ্মৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাৰ বাবে ৰূপম কাকতি, ৰৌচনলাল ভৰদ্বাজ, ৰাণাদ্বীপ দুৱৰা, মাইনু মৰাণ, সূৰ্য্য ভট্টাচাৰ্যকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মাকুমৰ কণমানি নৃত্য শিল্পী জেছমিনা শইকীয়াৰ নৃত্যই অনুষ্ঠান জীপাল কৰি তোলে। কবি অৰুণজ্যোতি তাঁতীয়ে কবিতা পাঠ কৰে। কাৰ্যসূচীত অ বি চি ফেডাৰেচন, অসমৰ সম্পাদক পুষ্প গগৈ, জাৰ্ণলিষ্ট ইউনিয়নৰ উপ-সভাপতি অমৃত শৰ্মা, অখিল চন্দ্ৰ বৰুৱাকে ধৰি সংগঠনটোৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…

assam tinsukia