১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১) আজি ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুয়ে। ভাৰতৰ দ্বিতীয় আৰু প্ৰথম আদিবাসী মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।

২) আমিনগাঁৱত অঘটন। আমিনগাঁৱৰ ইনলেণ্ড কণ্টেইনাৰ ডিপুত অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এখন ট্রেইলাৰ গাড়ী।

৩)তিনিচুকীয়া আৰক্ষীৰ হাতত তেল চুৰিত জড়িতৰ দীঘল তালিকা। এজনক আটক।

৪)অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে মৰিগাঁও জিলাৰ বিভিন্ন স্থান ভ্ৰমণ কৰি শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসকলৰ ক্ষয় ক্ষতিৰ বুজ লয় |

৫) মানসিক অশান্তি পোৱা বুলি লাভলীনা বৰগোঁহাইয়ে টুইট কৰাৰ পাছতেই লাভলীনাৰ বাবে অতিশীঘ্ৰই প্ৰশিক্ষকৰ ব্যৱস্থা কৰাৰ আহ্বান এম ৱাই এ এছৰ।

৬) অসমৰ জনপ্ৰিয় লোক কৃষ্টি তথা সংস্কৃতি নাগাৰা নামৰ প্ৰথমখন বিদ্যালয় স্থাপন কৰা হৈছে দৰং জিলাৰ হুছেইন চুবুৰীত ।

৭): ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সৌজন্যত সোমবাৰে অধিবিদ্যা পৰিষদৰ কাৰ্য্যালয় শিক্ষাভৱনত এখনি সম্বৰ্ধনা ও উষ্ম আদৰণি সভা অনুষ্ঠিত হ'য় ৷ 

৮)২০২২ চনৰ এনাজৰী অসম ভিত্তিত চিত্ৰাংকন আৰু কবিতা প্ৰতিযোগীতাৰ ফলাফলৰ বাবে সমাৰোহ অনুষ্ঠান দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।  সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক সন্মান জনোৱাৰ লগতে এনাজৰীয়ে আয়োজন কৰা কবিতা আৰু চিত্ৰাংকন প্ৰতিযোগীতাৰ বিজয়ী প্ৰতিযোগী সকলৰ মাজতো বঁটা বিতৰণ কৰা হয়।

৯) দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুপৰ্ণ বনিয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নিশা প্ৰায় ১১ বজাত গোতলামাৰী ৰাভাটাৰী গাঁৱত অভিযান চলাই নিচাযুক্ত সামগ্ৰীসহ দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

১০) অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক পীযুষ হাজৰীকাই সোমবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জাগীৰোড কলা মন্দিৰত অনুষ্ঠিত ভূমি পট্টা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে | 

১১)সোমবাৰে আম আদমি পাৰ্টীয়ে জাৰি কৰা এক সংবাদ বিবৃতি অনুসৰি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়াৰ বিৰুদ্ধে ৰিণিকি ভূঞাই দিয়া মানহানিৰ গোচৰত স্থগিতাদেশ জাৰি কৰে আদালতে ।

১২)ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠান সমাপ্ত হোৱাৰ পিছত আজি বিৰোধী দলসমূহে তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰে। এই অসন্তুষ্টিৰ কাৰণ আছিল ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ পদৰ সৈতে সংগতি ৰাখি আসনত বহিবলৈ দিয়া হোৱা নাছিল।

১৩)বৰ্তমান চলি আছে সংসদৰ বৰ্ষাকালীন অধিৱেশন।  মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংসদত বিৰোধীতা কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছৰ একাংশই নেতাই হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৪ গৰাকী কংগ্ৰেছ সদস্যক নিলম্বন কৰে।

১৪)ৰাঙৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰৰ নাম পৰিবৰ্তন কৰি বড়োলেণ্ড শোধনাগাৰ নামাকৰণ কৰা, বঙাইগাঁও শোধনাগাৰত স্থানীয় শিক্ষক নিবনুৱা যুৱক যুৱতীৰ বাবে চাকৰি সংৰক্ষণৰ ব্যবস্থা কৰা আদি কৰি চাৰিদফীয়া দাবী লৈ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এটা সজাঁতি দলে বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ সৈতে বৈঠকত মিলিত হয় ।

১৫) ৰংজুলি, কলিয়াবৰৰ পিছত এইবাৰ ৰঙিয়াত জব্দ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু। ৰঙিয়াৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত চলালে আৰক্ষীয়ে অভিযান। অভিযানত ১২টা গৰুসহ জব্দ এখন মেজিক বাহন।

১৬)দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে 'ঘৰে ঘৰে ত্ৰিৰংগা' কাৰ্যসূচী হাতত ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ লগত সংগতি ৰাখি বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

১৭) ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এপিএছচিয়ে কৰিছে বিস্ফোৰক অভিযোগ। সংগঠনটোৰ দাবী- 'অসম লোকসেৱা আয়োগৰ দুৰ্নীতি কেৱল JOB SCAM নহয়'।

১৮)কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিছনৰ পাইপযোগে পানী যোগান আঁচনি নিৰ্মাণ কাৰ্যত জোনাই বিধানসভা সমষ্টিত বিয়াগোম দুৰ্নীতি-অনিয়মীয় সংঘটিত হোৱাৰ অভিযোগ উঠিছে। 

১৯) শিক্ষাৰ্থীক গালি দিয়াৰ বাবেই এগৰাকী শিক্ষয়ত্ৰীক শিক্ষানুষ্ঠানৰ ভিতৰত প্ৰহাৰ কৰাৰ লগতে বিবস্ত্ৰ কৰিলে এক বিশেষ সম্প্ৰদায়ৰ লোক। এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰত। 

২০) কলিয়াবৰত আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই ইখনৰ পাছত সিখন অবৈধভাৱে সৰবৰাহ কৰা গোধন ভৰ্তি বাহন জব্দ কৰিছে । 

২১) ভাৰতীয় তেল নিগম কৰ্তৃপক্ষই দীৰ্ঘদিনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰন্ধন গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ থলুৱা মালিক সকলক প্ৰৱঞ্চনা আৰু শোষণ কৰি অহাৰ প্ৰতিবাদত আজিৰ পৰা উত্তৰ-পূৰ্বাঞ্চল পেকড্ ৰন্ধন গেছ পৰিবহন এছ'চিয়েশ্বনে অনিৰ্দিষ্ট কাল লৈ পৰিবহন সেৱা বন্ধ ৰখা আন্দোলন কাৰ্যসূচীৰ কথা ঘোষনা কৰে ।

২২) স্থানান্তৰ কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়। হেঙেৰাবাৰীলৈ স্থানান্তৰ উপায়ুক্তৰ কাৰ্যালয়।

২৩)নিজ কন্যাক বিচাৰি ধিঙৰ বেছামাৰীত আহি উপস্থিত হৈছে বেংগালুৰুৰ পিতৃ-মাতৃ। ধিং থানাৰ অন্তৰ্গত বেছামাৰীৰ মেহবুব আলম নামৰ এজন যুৱকে বহিঃৰাজ্য কৰ্নাটকৰ বেংগালুৰুৰ চুমায়া হাওলাদাৰ নামৰ এগৰাকী যুৱতীক অপহৰণ কৰাৰ এক চাঞ্চল্যৰ অভিযোগ পোৱা গৈছে।

২৪) ৰাষ্ট্ৰপতি হিচাপে শপতলৈ দ্ৰৌপদী মুৰ্মুৱে ক'লে- দৰিদ্ৰ পৰিয়ালত জন্ম হোৱা কন্যাও সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হ'ব পাৰে, এয়াই গণতন্ত্ৰ।

২৫)পুৱাই উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ বাৰাবাঁকীত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত বৰ্তমানলৈকে ৮ জন লোকে প্ৰাণ ত্যাগ কৰিছে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in