"ভূপেন বৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ব্যক্তিগত হিংসা আছে" -মন্ত্ৰী পীযুষ হাজৰীকা

"ভূপেন বৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ব্যক্তিগত হিংসা আছে" -মন্ত্ৰী পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনত অভিমন্যুক বধ কৰি কৌৰৱে উল্লাস কৰা বুলি ভূপেন বৰাই কৰা মন্তব্য গৰিহণাযোগ্যঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ নিজ দলৰে বিধায়ক আৰু সাংসদসকলক হিংসা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ৩বাৰকৈ নিৰ্বাচনত পৰাজয় বৰণ কৰি দিছপুৰৰ পৰা আঁতৰত থকাৰ বাবেই হিংসাৰ দাবানলত দলৰ বিধায়কসকলক হকে বিহকে সঘন শ্ব’ কজ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাক কটাক্ষ কৰি সংবাদ মাধ্যমৰ আগত বুধবাৰে এনেদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

Advertisment

সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, অমৃত কলহ যাত্ৰা বিজেপিৰ দলীয় কাৰ্যসূচী নহয়, ই এক চৰকাৰী কাৰ্যসূচী। তেনে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবেই যদি দলীয় বিধায়কক কংগ্ৰেছ সভাপতিগৰাকীয়ে যদি শ্ব’ কজ প্ৰেৰণ কৰে তেনেহ’লে তেওঁৰ এইটো হিংসাৰ দাবানলৰ এক উদাহৰণ বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। লগতে ভূপেন বৰাৰ মন্তব্যক কটাক্ষ কৰি কয় যে, অমৃত কলহত বিষ আছে নে অমৃত আছে আগন্তুক নিৰ্বাচনত পৰিস্ফুট হ’ব। তেতিয়াহে ভূপেন বৰাই উপলব্ধি কৰিব অমৃত কলহত বিষ আছিল নে অমৃত আছিল। অমৃত কলহ যাত্ৰাত সাধাৰণ ৰাইজ স্বতঃস্ফুতভাৱে ওলাই আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

ভূপেন বৰা একেৰাহে ৪টা নিৰ্বাচনত হাৰিব বুলিও আশংকা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। ৰাইজৰ হৃদয়ত থকা বাবেই আমাৰ কোনোবা দিল্লীত আছে, আমি দিছপুৰত আছো বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। কংগ্ৰেছ দলত প্ৰত্যেক মাহে মাহে দলীয় বিষম্বাদৰ লগতে মাৰপিটৰ ঘটনা সংঘটিত হৈ থাকে বুলি সাংবাদিকৰ আগত পুনৰ দোহাৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে মিটিং পাতিলেই মাৰপিট হয় তেওঁলোকে কি প্ৰেমৰ বাণী বিলাব বুলি ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। বিৰোধীয়ে যিমানেই যি নকওক কিয় নৰেন্দ্ৰ মোদী দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত হ’ব। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত ১১ খন আসন দখল কৰিব লগতে ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০০ৰো অধিত আসনত জয় লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

যেতিয়াই বাল্য বিবাহ, বহু বিবাহ প্ৰথাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা লয় তেতিয়া কংগ্ৰেছ দল তথা ভূপেন বৰাৰ ডাঙৰ সমস্যাৰ সৃষ্টি হয় আৰু আবোল-তাবোল বকিবলৈ আৰম্ভ কৰে বুলিও কয় মন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬ চনতেই কংগ্ৰেছ দলেই আনিছিল। কিন্তু কাৰ্যকৰী কৰা নাছিল কংগ্ৰেছ দল তথা চৰকাৰে। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানে নিজে অনা আইনখনেই বিৰোধিতা কৰি আছে কংগ্ৰেছ দলে।

লগতে কংগ্ৰেছ, এআইইউডিএফৰ কথাত মূৰ ঘমাবলৈ এতিয়া সময় নাই। বিজেপি দলৰ এতিয়া ৰাইজৰ উন্নতিৰ হকে কাম কৰি আগন্তুক লোকসভা নিৰ্বাচনত ১১খন আসন দখল কৰাৰ লক্ষ্য বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, ভূপেন বৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ব্যক্তিগত হিংসা আছে। মন্তব্যটোৰ বাখ্যা কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যিসময়ত কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল সেই একেসময়তে ভূপেন বৰা ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল। একেলগে দুয়োজনে কংগ্ৰেছত যোগদান কৰিছিল। কালক্ৰমত ক’ৰ পৰা ক’লৈ ড০ হিমন্ত বিশ্ব শৰ্মা গুচি গ’ল আৰু ক’ত ভূপেন বৰা ৰৈ গ’ল। দুয়োজন ব্যক্তিৰ ৰাজনৈতিক কেৰিয়াৰৰ বিষয়ে সাংবাদিকৰ আগত বাখ্যা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

Also Read: ওৱাচিংটন ডিচিত বিশ্ব সাংস্কৃতিক মহোৎসৱ-২০২৩

assam bjp bhupen bora piyush hazarika