দেশৰ ৰাজধানীত দিনডকাইতিঃ মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে প্ৰায় ৫০০ গ্ৰাম সোণ

দেশৰ ৰাজধানীত দিনডকাইতিঃ মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে প্ৰায় ৫০০ গ্ৰাম সোণ

ডিজিটেল ডেস্কঃ বুধবাৰে দিল্লীত সংঘটিত এটা দিনডকাইতিৰ ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজধানী চহৰখনত। বুধবাৰে দিল্লীৰ চময়পুৰ অঞ্চলত ৩জন ডকাইতে বাইকত আহি মাৰণাস্ত্ৰ দেখুৱাই  শ্ৰীৰাম জুৱেলাৰী নামৰ এখন গহণাৰ দোকানৰ পৰা মুঠ ৪৮০ গ্ৰাম সোণ লুটি লৈ যায়। দকাইটি হোৱা সোণখিনিৰ মূল্য মুঠ ৩০ লাখ টকা বুলি জানিব পৰা গৈছে।

বুধবাৰে দিনৰ ২ বজাত দিল্লী আৰক্ষীয়ে এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে লাভ কৰাৰ ভুটেজত ডকাইট কেইজনে ডকাইটিৰ পিছত বাইকত উঠি শূন্যলৈ গুলী চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

সমান্তৰালভাৱে দেওবাৰে দিল্লীৰ জাঙপুৰাস্থিত উমৰাও জুৱেলাৰীৰ পৰা চোৰৰ এটা দলে প্ৰায় ২০-২৫ কোটি টকা চুৰি কৰি নিয়ে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি চোৰৰ দলটোৱে অট্টালিকাটোত প্ৰৱেশ কৰি গহণা থকা কোঠালীত ড্ৰীল কৰি প্ৰৱেশ কৰি গহণাখিনি চুৰি কৰি নিয়ে।

এই পৰ্যন্ত আৰক্ষীয়ে কোনো এটা চোৰৰ দলকে কৰায়ত্ত কৰিব পৰা নাই
যদিও তদন্ত অব্যহত ৰাখিছে।

দেশৰ ৰাজধানীত দিনডকাইতিঃ মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে প্ৰায় ৫০০ গ্ৰাম সোণ
'কনকলতা বিশ্ববিদ্যালয়'ৰ বাবে ৫৫০ বিঘা ভূমি দান কৰিব শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰই

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in