নিৰ্বাচনত অভিমন্যুক বধ কৰি কৌৰৱে উল্লাস কৰা বুলি ভূপেন বৰাই কৰা মন্তব্য গৰিহণাযোগ্যঃ মন্ত্ৰী পীযুষ হাজৰীকা

নিৰ্বাচনত অভিমন্যুক বধ কৰি কৌৰৱে উল্লাস কৰা বুলি ভূপেন বৰাই কৰা মন্তব্য গৰিহণাযোগ্যঃ মন্ত্ৰী পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনত অভিমন্যুক বধ কৰি কৌৰৱে উল্লাস কৰা বুলি ভূপেন বৰাই কৰা মন্তব্য গৰিহণাযোগ্যঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ নিৰ্বাচন হৰাৰ পিছত বিনম্রমতাৰে পৰাজয় মানি লোৱাৰ সলনি কংগ্ৰেছে নাৰায়ণৰূপী জনতাক কৌৰৱ বুলি গালি পৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে এয়া দেখি মৰ্মাহত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, ভূপেন বৰাই আজি এটা অত্যন্ত গৰিহণাযোগ্য কথা কোৱা পৰিলক্ষিত হৈছে। দেওবাৰে অভিমন্যু বধ হোৱা বুলি ভূপেন বৰাই কৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিৰ্বাচনত অভিমন্যুক বধ কৰি কৌৰৱে উল্লাস কৰা বুলি কি বুজাব বিচাৰিছে? ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তিশগড়ৰ জনতা কংগ্ৰেছক ভোট নিদিয়াৰ বাবেই কৌৰৱ হৈ গ'ল নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।

Advertisment

মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "সদায় মহাভাৰতৰ কথা কৈ কৈ ভূপেন বৰাই কেতিয়াবা ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী সজায়, ধৃতৰাষ্ট্ৰক লাভ জেহাদী সজায় আৰু এইবাৰ কৈ দিলে, ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশৰ মানুহ কৌৰৱ বুলি। এনেকৈ জনতা জনাৰ্দনক উপহাস কৰা, অসন্মান কৰা এনেকুৱা নেতা অসমত বিৰল, আগতে অসমত এনেকুৱা নেতা নাছিল। ভূপেন বৰা ডাঙৰীয়াৰ কিবা অলপ সমস্যা হৈছে, এই সমস্যাৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে মই তেওঁক অনুৰোধ জনাইছো"।

"ইলেকচনত হাৰিছে, স্বীকাৰ কৰিব লাগে, ইলেকচনত আকৌ ভাল ফলাফল লাভ কৰিম বুলি সাজু হ’ব লাগে, তাকে নকৰি কালি কৈ দিলে অভিমন্যুৰ বধ হৈছে, আৰু কৌৰৱে অট্টহাস্য কৰিছে। ভোট দিলে কোনে, ভোট কি কৌৰৱে দিলে নেকি?" বুলি প্ৰশ্ন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

কংগ্ৰেছক হৰুৱাই দিয়া মানুহখিনি কৌৰৱ নেকি? বুলি প্ৰশ্ন কৰি পিযুষ হাজৰীকাই কয় যে, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ জনতা জনাৰ্দনক ভূপেন বৰাই সাংঘাতিকভাৱে অপমান কৰিছে। ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বিনাচৰ্তে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তিশগড়ৰ জনতাৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায়।

দেওবাৰে অসমত আৰু এটা নতুন পৰিৱেশ দেখিবলৈ পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, আগতে অসমত এনেকুৱা পৰিৱেশ কেতিয়াও হোৱা নাছিল। দেওবাৰে কংগ্ৰেছে জিলাই জিলাই তেওঁলোকৰ কাৰ্যালয়ে কাৰ্যালয়ে খানাৰ ব্যৱস্থা কৰিছিল। শোণিতপুৰৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত খানা বনোৱাৰ ভিডিঅ’ও দেখা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় তেওঁলোকে মাছে-মঙহে খানা বনাইছিল যদিও খাবলৈকে কোনো নাহিল।

আনহাতে, গুৱাহাটী ৰাজীৱ ভৱনত ৰিজাল্ট চাবৰ বাবে ডাঙৰ ক্ৰীণ লগাইছিল। আনকি মহানগৰীত যিমান ফটকা আছিল সকলোবিলাক ভূপেন বৰাই কিনি পেলাইছিল, নিৰ্বাচনত জিকিলে আনন্দ উল্লাস কৰিবলৈ। কিন্তু ফলাফল ঘোষণা কৰাৰ পূৰ্বে ভৱিষ্যতে এনেকুৱা কাম কংগ্ৰেছক নকৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

ইপিনে, লোকসভা নিৰ্বাচনক লৈ ভূপেন বৰাই দেওবাৰে এখন তালিকা ঘোষণা কৰা কথা আছিল, যিখন তালিকাত কোন কোন সমষ্টিত কংগ্ৰেছ জিকিব, বিজেপি হাৰিব তাৰ উল্লেখ আছে। সেই তালিকাখন ভূপেন বৰাক প্ৰকাশ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। লগতে নিজকে হাঁহিয়াতৰ পাত্ৰ সজাবলৈ ভৱিষ্যতে এনুৱা কাম নকৰিবলৈ কংগ্ৰেছ দলৰ লগতে ভূপেন বৰাক মন্ত্ৰী পীযুষ হাজৰীকাই আহ্বান জনায়। ফলাফল ঘোষণাৰ পূৰ্বে এনেদৰে খানাৰ আয়োজন নকৰিবলৈও তেওঁ কংগ্ৰেছ দলক আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "আমাৰ কথা হ’ল যে ১০০ ভোটত জিকাও জিকা, ১০ হাজাৰ ভোটত জিকাও জিকা, ৩০ হাজাৰ ভোটত জিকাও জিকা। নিৰ্বাচনত জিকা ৰিজাল্টটো হিচাপ হয়। ইলেকচনত ভোটিং পাৰ্চেণ্টেজ বা শ্বেয়াৰ বেছি হোৱা বা কম হোৱাটো ৰিজাল্ট নহয়। ভূপেন বৰাই এই কথাটো নাজানে বাবে তেওঁ তিনিবাৰ হাৰিছে আৰু চতুৰ্থ বাৰৰ বাবে হাৰিবলৈ গৈ আছে"।

এগজিট প’ল সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা চাৰে ৯ টা বছৰত কেনেদৰে কাম কৰিছে দেশৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিছে আৰু তাৰ লাভ ডাইৰেকটলী ৰাইজে পাইছে। গতিকে কালি এগজিট পল হওক আন কিবা সমীক্ষা হওক সকলো বিলাক মিছা প্ৰমাণিত হৈছে আৰু বিজেপিয়ে তিনিখন ৰাজ্যত আগতকৈ ভাল ফলাফল কৰি জয়ী হৈছে। মন্ত্ৰীগৰাকীয়ে তিনি ৰাজ্যৰ জয়ৰ ক্ৰেডিট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়াৰ লগতে ৭৯ খনতকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। তেওঁ কয় যে এয়া অসমৰ কাৰণে ডাঙৰ লাভ, সন্মান।

মন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে ১২ টা চীট পাব বুলি পুনৰ উল্লেখ কৰে। তেওঁ কয় যে, কংগ্ৰেছে এটামানহে চীট পাব পাৰে। ভূপেন বৰাই এই কথাবিলাক কোৱাৰ এটা কাৰণ আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় তেওঁ এই কথাবিলাক কয় যাতে কংগ্ৰছৰ টিকট মানুহে বেছিকৈ বিচাৰে।

নিৰ্বাচনত নিজিকে বুলি ভূপেন বৰা ডাঙৰীয়াইও জানে। কংগ্ৰেছৰ টিকট বেছিকৈ বিচাৰিলে অলপ টকা জমা হয় কিয়নো প্ৰাৰ্থীসকলে টকা দিব লাগে। ৫০ হাজাৰ, এক লাখ টকা দিব লাগে। সেয়ে ভূপেন বৰাই এইবিলাক কথা কৈ এনেকুৱা এটা পৰিৱেশ কৰিব খোজে যে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ’বই বা কংগ্ৰেছ জিকিবই। টিকটৰ নামত টকা সংগ্ৰহেই হ’ল তেওঁলোকৰ ডাঙৰ উদ্দেশ্য।

Also Read: ৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...

piyush hazarika bhupen bora