শ্ৰীশ্ৰী পিতাম্বৰ দেৱ গোস্বামীৰ জন্মদিন: ৬৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা...

আজি আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ ড০ শ্ৰীশ্ৰী পিতাম্বৰ দেৱ গোস্বামীৰ ৬৫ সংখ্যক জন্ম তিথি।

author-image
Asomiya Pratidin
New Update
শ্ৰীশ্ৰী পিতাম্বৰ দেৱ গোস্বামীৰ জন্মদিন: ৬৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা...

ডিজিটেল ডেস্ক : আজি আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ ড০ শ্ৰীশ্ৰী পিতাম্বৰ দেৱ গোস্বামীৰ ৬৫ সংখ্যক জন্ম তিথি। মানৱতাৰ প্ৰেম, প্ৰেৰণা আৰু ৰসময় ভক্তি আত্মানুসন্ধানৰ পূজাৰী সত্ৰাধিকাৰ গৰাকীৰ জন্ম দিনটোত সদৌ অসম ভাওনা সন্মিলনয়ে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি উদযাপন কৰাৰ পৰিলক্ষিত হয়।

Advertisment

সন্মিলনীখনিয়ে সত্ৰাধিকাৰগৰাকীৰ জন্মদিনটোত মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰী, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আদি।

অনুষ্ঠানৰ আৰম্ভণিতেই বন্তি প্ৰজ্বলন কৰে বিশ্বজিৎ দৈমাৰী আৰু পীতাম্বৰ দেৱ গোস্বামীয়ে। য'ত সহযোগিতা কৰে আমন্ত্ৰিত অতিথিসকলে। ইয়াৰ পিছতেই কৃষ্ণ বন্দনা, সূত্ৰধাৰ নৃত্য আদি অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে, উত্তৰ গুৱাহাটী শাখা সত্ৰৰ ১০০ জনীয়া শিশু শিল্পীয়ে উক্ত সূত্ৰধাৰ নৃত্য পৰিৱেশন কৰে।

কাৰ্যসূচী অনুসৰি আদৰণি ভাষণৰ পাছতেই অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। অনুষ্ঠানত সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীক জন্মদিন উপলক্ষে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ৬৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনাত এটি গছপুলি, সম্বৰ্ধনা পত্ৰ, শৰাই, চেলেং আদি আগবঢ়োৱা হয়।

Also Read: আই নামৰ ধ্বনিৰে মুখৰিত হ'ল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰাংগণ...

Srimanta Shankardev Kolakhetra satra