আই নামৰ ধ্বনিৰে মুখৰিত হ'ল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰাংগণ...

আই নামৰ ধ্বনিৰে মুখৰিত হ'ল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰাংগণ...

ডিজিটেল সংবাদ, গোলাঘাট : হৰি নাম, আই নামৰ ধ্বনিৰে মুখৰিত হৈছে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ চ'ৰা ৷ নামঘৰৰ পৰম্পৰা অনুসৰি জেঠ মাহৰ প্ৰথম সপ্তাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা আই সবাহৰ দেওবাৰে অন্তিম দিন ৷ অন্তিম দিনা বিষ্ণু পূজাৰ পিছতে আই সভা আৰম্ভ হয় ৷

আই সবাহত আঠ খেলৰ লগতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আইসকলে অংশগ্ৰহণ কৰে ৷ প্ৰথম দিনা তিনিগৰাকী কুমাৰী ছোৱালী দ্বাৰা তিনিটা ঘাটৰ পানী তোলা পিছতে আই সবাহৰ আৰম্ভ হয় ৷ ইয়াৰ পিছতে জেঠ মাহৰ ১৯ তাৰিখে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ বাৰ্ষিক কৰ্ম ভাওনা অনুষ্ঠিত হ'ব ৷ ইফালে আই সকলে আই নাম লৈ থকা সময়তে নামঘৰৰ ভিতৰলৈ এটা কাছ প্ৰৱেশ কৰে ৷ আইসকলে নাম লৈ থকা অৱস্থাত কাছ প্ৰৱেশ কৰাত প্ৰভু ভগৱন্ত সাক্ষাৎ অহা বুলি আইসকলে ব্যক্ত কৰে ৷

কাছটো নামঘৰৰ চৌহদত থকা পুখুৰীৰ পৰা আহে ৷ উল্লেখ্য যে, শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ চৌহদত থকা পুখুৰীটো জিলা কাছ সংৰক্ষণ কেন্দ্ৰ হিচাপে সংৰক্ষণ কৰা হৈছে ৷ অঞ্চলটোৰ লগতে জিলাখনৰ বিভিন্ন স্থানত প্ৰকৃতিপ্ৰেমী লোকে কাছ উদ্ধাৰ কৰি নামঘৰৰ চৌহদত থকা পুখুৰীত এৰি দিয়েহি ৷

আই নামৰ ধ্বনিৰে মুখৰিত হ'ল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰাংগণ...
হাইস্কুল শিক্ষান্ত পৰীক্ষাত চিৰাং জিলাৰ শীৰ্ষ স্থান লাভ শিক্ষানুষ্ঠানক বিটিচি প্ৰশাসনৰ সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in