উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰীকাৰঃ ভূপেন বৰালৈ বেদনা সিক্ত কবিতা লিখাৰ আহ্বান...

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰীকাৰঃ ভূপেন বৰালৈ বেদনা সিক্ত কবিতা লিখাৰ আহ্বান...
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰীকাৰঃ ভূপেন বৰালৈ বেদনা সিক্ত কবিতা লিখাৰ আহ্বান...

ডিজিটেল সংবাদ হাফলংঃ ৰাজ্যত এতিয়া তুংগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ। মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত এটা বৃহৎ দলে বিগত ১০ দিন ধৰি ডিমা হাচাওত বাহৰ পাতি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় আছে।

আজি চেমখৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰাণু লাংথাছাৰ হৈ এখনি নিৰ্বাচনী প্ৰচাৰ সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যবাসী তথা উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ সমূহ ৰাইজ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অব্যাহত থকা বিকাশৰ যাত্ৰাৰ সহযাত্ৰী, এই কথা পুনৰবাৰ আজিৰ এই সভাত প্ৰমাণিত হয় বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

সাংবাদিকৰে হোৱা মুখামুখি সময়ত মন্ত্ৰীগৰাকীয়ে কয় যে, ভিতৰুৱা অঞ্চলটোত কিছু সমস্যা আছে। ইতিমধ্যে বহু সমস্যা সমাধান হৈছে। অঞ্চলবাসীয়ে ভাৱে তেওঁলোকৰ যি সমস্যা আছে কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰেহে সমাধান কৰিব পাৰিব।

লগতে তেওঁ কয় যে, পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ নেতৃত্বত বিগত চাৰে সাত বছৰত যথেষ্ট উন্নয়নমূলক কাম হৈছে পৰিষদীয় অঞ্চলটোত। আগন্তুক তিনি বছৰত অঞ্চলটোত ৰাস্তা-ঘাটৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন হ'বলৈ গৈ আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

অসম মালাৰ যোগেদি বহুতো পথ নিৰ্মাণৰ লগতে নিৰ্মাণৰত হোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী হাজৰীকাই। বাকী আধৰুৱা হৈ থকা কামসমূহ অতি সোনকালে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। পূৰ্বৰ নিৰ্বাচনত বিজেপিয়ে ১৯ টা পৰিষদীয় সমষ্টিত জয়ী হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰজোটে অতি কমেও ২৬টা সমষ্টিত জয়ী হ'ব লাগে।

মন্ত্ৰী হাজৰীকা আশাবাদী যে, ২৮টাৰ ২৮টা পৰিষদীয় সমষ্টিতে জয়ী হ'ব বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী। লগতে তেওঁ কয় যে, এইবাৰ পাহাৰৰ পৰা এটা বাৰ্তা যাব যে, পাহাৰ-ভৈয়াম সকলো একত্ৰিত হৈ সমূহ জনগণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ শৰ্মা তথা বিজেপিৰ লগত আছে।

নিৰ্বাচনৰ প্ৰসংগত বিৰোধীৰ ভূমিকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, বিৰোধীৰ কাম হৈছে বিভিন্ন অঞ্চললৈ গৈ কেৱল পিকনিক খাই থকা। বৰ্তমান মুছলমান অধ্যুষিত অঞ্চলটো বিৰোধীয়ে ৰাইজ সমৰ্থন নোপোৱা হৈছে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।

আগন্তুক পৰিষদীয় নিৰ্বাচনত জয়ী হৈ পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনৰ কাৰণে সাজু হোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে, কাইলৈ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে জিলাখনত নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

নিৰ্বাচনত জয়ী হোৱাৰ কথা জানিও জিলাখনৰ লোকসকলৰ সন্মানাৰ্থে মুখ্যমন্ত্ৰীকে ধৰি দলীয় ৰাজ্যিক শীৰ্ষ নেতৃত্বই নিৰ্বাচনী প্ৰচাৰ চলায় আছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাৰে এঘাৰখন আসনত জয়ী হোৱাৰ যি মন্তব্য কৰিছিল, মোৰ মতে প্ৰায় ১২খন আসনত জয়ী হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী।

শেহতীয়াকৈ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ভাল ফলাফল আশা কৰি নিৰ্বাচনী ফলাফলৰ ঢৌত অসমত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ সপোন দেখিছিল কংগ্ৰেছে। পৰাজয়েৰে জৰ্জৰিত হৈ থকা কংগ্ৰেছৰ বৰ্তমানৰ পৰিস্থিতৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বেদনাময় এটা কবিতা লিখিবলৈও আহ্বান জনায় মন্ত্ৰী হাজৰীকাই।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰীকাৰঃ ভূপেন বৰালৈ বেদনা সিক্ত কবিতা লিখাৰ আহ্বান...
৬ জানুৱাৰীত কলাক্ষেত্ৰত ব্যতিক্ৰমী অনুষ্ঠান 'সাঁকো': শ্ৰীমন্ত ফাউণ্ডেচনৰ উদ্যোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in