/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/95006d1e-cf9f-4d58-8c19-64e2063e9438/srimanta_foundation_2.jpg)
৬ জানুৱাৰীত কলাক্ষেত্ৰত ব্যতিক্ৰমী অনুষ্ঠান 'সাঁকো': শ্ৰীমন্ত ফাউণ্ডেচনৰ উদ্যোগ...
ডিজিটেল ডেস্কঃ শ্ৰীমন্ত ফাউণ্ডেচনৰ উদ্যাগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ৬ জানুৱাৰীত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে 'সাঁকো' শীৰ্ষক এক অনুষ্ঠান। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব অৱসৰপ্ৰাপ্ত আই এফ এছ তথা ৰাষ্ট্ৰদূত হৰ্ষবৰ্ধন শ্ৰীংলাই।
ইয়াৰোপৰি বিশেষ অতিথি হিচাপে থাকিব সদ্য লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ইয়াৰোপৰি জনপ্ৰিয় সংগীত শিল্পী অংগৰাগ পাপন মহন্তই এই অনুষ্ঠানত 'ব্ৰেণ্ড এম্বেছাডৰ' হিচাপে অংশগ্ৰহণ কৰি দৰ্শক তথা বিশেষ অতিথিসকলৰ সৈতে মত-বিনিময় কৰিব।
উল্লেখ্য যে শ্ৰীমন্ত ফাউণ্ডেচনৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি মহন্ত আৰু ন্যাসৰক্ষী পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন। ৬ জানুৱাৰীৰ বিয়লি ৫ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ আৰম্ভণিতে 'তুমি চিত্ত বৃত্তি মোৰ' শীৰ্ষ প্ৰাৰ্থনা অসমীয়া, বড়ো, মিচিং, ৰাভা, ছাদ্ৰি আৰু হিন্দী ভাষাত পৰিৱেশন কৰিব।
ইয়াৰ পিছতে বিভিন্ন জনজাতীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। য'ত অবড়ো অংশগ্ৰহণকাৰীয়ে বাগৰুম্বা, খেৰাই, বড়ো অংশগ্ৰহণকাৰীয়ে সত্ৰীয়া নৃত্য, কুশান, বিহু, অ-মিচিং অংশগ্ৰহণকাৰীয়ে গুমৰাগ প্ৰদৰ্শন কৰিব। ইয়াৰোপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ একাংশ মূক-বধিৰ আৰু দৃষ্টি বাধাগ্ৰস্ত শিল্পীয়ে সত্ৰীয়া নৃত্য-গীত আৰু সকলো শিল্পীয়ে কল্যাণ খৰমান পৰিৱেশন কৰিব।
এই অনুষ্ঠানৰ আয়োজক সমিতিৰ সভাপতি ড০ সমুদ্ৰগুপ্ত কাশ্যপ, উপ-সভাপতি প্ৰশান্ত বড়ো, জগত জ্যোতি দাস, সাধাৰণ সম্পাদক দীপাংকৰ মহন্ত। আনহাতে আয়োজক সমিতিত আছে মাজুলী, চিৰাং, বঙাইগাওঁ আদি জিলাৰ বহু সংখ্যক লোক।
Also Read: ভাষা-সাহিত্য-সংস্কৃতিৰ পীঠস্থানত পৰিণত অসম গ্ৰন্থমেলাঃ ১১ গৰাকী প্ৰকাশক-বিক্ৰেতাক সম্বৰ্ধনা