ট্ৰান্সজেণ্ডাৰৰ অধিকাৰ, সজাগতাৰ সন্দৰ্ভত পীযুষ হাজৰীকাৰ বিশেষ পদক্ষেপ...

ট্ৰান্সজেণ্ডাৰৰ অধিকাৰ, সজাগতাৰ সন্দৰ্ভত পীযুষ হাজৰীকাৰ বিশেষ পদক্ষেপ...

author-image
Asomiya Pratidin
New Update
ট্ৰান্সজেণ্ডাৰৰ অধিকাৰ, সজাগতাৰ  সন্দৰ্ভত পীযুষ হাজৰীকাৰ বিশেষ পদক্ষেপ...

ট্ৰান্সজেণ্ডাৰৰ অধিকাৰ, সজাগতাৰ সন্দৰ্ভত পীযুষ হাজৰীকাৰ বিশেষ পদক্ষেপ...

ডিজিটেল সংবাদ দিছপুৰঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত Transgender Welfare Board ৰ এখন নিয়মিত সভা সম্বোধন কৰে। Transgender Welfare Board ৰ অধ্যক্ষ হিচাপে মন্ত্ৰীগৰাকীয়ে সভাখনত প্ৰথমতে ব’ৰ্ডৰ পূৰ্বৰ কাৰ্যসমূহৰ বিষয়ে বুজ লয়।

Advertisment

সভাখনত ট্ৰান্সজেণ্ডাৰসকলে সমাজত সন্মুখীন হৈ থকা সমস্যাৰ বিষয়ে বুজ লৈ এইক্ষেত্ৰত ব’ৰ্ডৰ কৰণীয়খিনিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে | বিশেষকৈ ট্ৰান্সজেণ্ডাৰসকলৰ সমাজত গ্ৰহণযোগ্যতাৰ বিষয়ে সমাজৰ আন ব্যক্তিসকলৰ মাজত সজাগতা অনাৰ বাবে বিজ্ঞাপন আদিৰ সহায় লোৱাৰ বাবে মন্ত্ৰী হাজৰীকাই গুৰুত্ব দিয়ে ।

তাৰোপৰি জিলা পৰ্যায়ত সজাগতা সভা আদিৰ আয়োজনৰ জড়িয়তেও মানুহৰ মাজত সজাগতা অনাৰ বাবে আজিৰ সভাতে সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত সোনকালেই প্ৰাথমিক পৰ্যায়ত নিৰ্বাচিত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে এখন ভিডিঅ’ কন্ফাৰেঞ্চত অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Transgender Welfare Board ৰ আন সদস্যসকলৰ পৰামৰ্শৰ ভিত্তিত জিলা পৰ্যায়ত ট্ৰান্সজেণ্ডাৰসকলৰ কল্যাণ সমিতি গঠন কৰাৰ বাবেও আজিৰ সভাতে সিদ্ধান্ত লোৱা হয়। অন্যহাতে অসম আৰক্ষীৰ সহযোগত Transgender Protection Cell গঠন কৰাৰ বিষয়েও আজি আলোচনা কৰা হয় আৰু মন্ত্ৰী হাজৰীকাই এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ব’ৰ্ডৰ সদস্যসকলক অৱগত কৰে । 

আনহাতে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত ট্ৰান্সজেণ্ডাৰসকলৰ পঞ্জীয়নৰ বাবে থকা থকা ৰাষ্ট্ৰীয় প’ৰ্টেলত পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সজাগতা অনাৰ বাবে কাম কৰিবলৈ মন্ত্ৰী হাজৰীকাই উপস্থিত সদস্যসকলক আহ্বান জনায় । আজিৰ সভাত অসম চৰকাৰৰ বহুকেইটা বিভাগৰ সচিব, অতিৰিক্ত তথা যুটীয়া সচিব, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক তথা ব’ৰ্ডৰ আন সদস্যসকল উপস্থিত থাকে ।

Also Read: প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকাঃ এইদৰে চাব পাৰিব তালিকা...

পীযুষ হাজৰিকা ট্ৰান্সজেণ্ডাৰ